নিউজ ডেস্ক, ২৯ জুনঃএখন বিদ্যুতৰ বিলক লৈ ক্ষোভিত বলিউডৰ অভিনেত্ৰী তাপসী পন্নু । দেওবাৰে অভিনেত্ৰী গৰাকীয়ে টুইটযোগে এডানী ইলেক্ট্ৰিছিটিৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে । এখন বিদ্যুতৰ বিলৰ স্ক্ৰীনশ্বট টুইটাৰত শ্বেয়াৰ কৰে তাপসীয়ে । য'ত অভিনত্ৰী তাপসীৰ কোনো নথকা এটা বাসগৃহত ৩৫ হাজাৰ ৮৯০ টকা এখন বিদ্যুতৰ বিল অহা বুলি সদৰি কৰে ।
অভিনেত্ৰী গৰাকীয়ে টুইটাৰত তিনিখন বেলেগ বেলেগ বিলৰ স্ক্ৰীনশ্বট শ্বেয়াৰ কৰে। য'ত প্ৰথমখনত ৩৫ হাজাৰ ৮৯০ টকা,দ্বিতীয়খনত ৩ হাজাৰ ৮৫০ টকা অহাৰ বিপৰীতে তৃতীয়খনত ৪ হাজাৰ ৩৯০ টকা বিল অহা প্ৰত্যক্ষ কৰিবলৈ পোৱা যায় । দুখন বিলত প্ৰায় সমান পৰ্যায়ৰ বিল অহাৰ বিপৰীতে আনখনত হঠাৎ কেনেকৈ ইমান পৰিমাণৰ বিল আহিব পাৰে বুলি ক্ষোভ প্ৰকাশ কৰে অভিনেত্ৰী গৰাকীয়ে ।