অসম

assam

By

Published : Feb 3, 2020, 4:38 PM IST

ETV Bharat / bharat

বাজেটত প্ৰতিফলিত হৈছে নেকি প্ৰধানমন্ত্ৰী মোদীৰ ৰাজনৈতিক উদ্দেশ্য ?

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচৰামতে সীতাৰমণৰ বাজেটে নিৰ্দিষ্ট খণ্ডত বৃহৎ আৱণ্টন দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যাতে আগন্তুক মাহসমূহত অৰ্থনৈতিক বিকাশত সহায়ক হয় । সীতাৰমণে বাজেট দাখিল কৰাৰ পাছতে ছেনছেক্স নিম্নগামী হয় যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাজেটক সবকা সাথ বাজেট বুলি আখ্যা দিয়ে আৰু ইয়াত দৃষ্টি আৰু কাৰ্যাৱলী দুয়োটাই থকা বুলি কয় । বাজেটত ঘোষণা কৰা নতুন সংস্কাৰে অৰ্থনীতিৰ বিকাশ দ্ৰুত কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে অৰ্থনৈতিকভাৱে সবল কৰিব আৰু এই দশকত অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে দাবী কৰে ।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ
কেন্দ্ৰীয় বাজেট 2020-21

--শেখৰ আয়াৰ

অৰ্থনৈতিক শক্তিবৰ্দ্ধকসমূহক দলিয়াই নেপেলোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক উদ্দেশ্যক ২০২০-২১ বিত্তীয় বৰ্ষৰ বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰতিফলন ঘটাইছে । সংস্কাৰৰ সমৰ্থকসকলে প্ৰধানমন্ত্ৰীক এই সময়ত নহ’লে কেতিয়াও ডাঙৰ ঘোষণা কৰিব নোৱাৰিব বুলি ক’লেও সীতাৰমণে ডাঙৰ টিকট সংস্কাৰ বা সপোনৰ বাজেট জাতীয় প্ৰৱণতাৰ পৰা নিজকে আঁতৰাই ৰাখে । সেয়ে লং টাৰ্ম কেপিটেল গেইনছ্ টেক্স আদি প্ৰত্যাহাৰ কৰাৰ দৰে ডাঙৰ পেকেজ ঘোষণা নকৰাৰ বাবে ছেনছেক্স হতাশ হৈ পৰিছে । কিন্তু যিসকলে নৰেন্দ্ৰ মোদীক জানে তেওঁলোকৰ মতে নৰসিংহ ৰাওৱে ১৯৯১ চনত যি কৰিছিল সেয়া অনুসৰণ কৰাৰ চেষ্টা কৰা বা তাতোকৈ বেছি কিবা কৰাৰ সলনি তেওঁ বিশেষ ব্যৱস্থা গ্ৰহণ কৰাতহে গুৰুত্ব প্ৰদান কৰে । নিশ্চিতভাৱে ৪০ হাজাৰ কোটি টকাৰ ৰাজহ ঘাটি দূৰ কৰিবলৈ তেওঁৰ চৰকাৰৰ আগ্ৰহ আছে । ফলত আয়কৰ ৰেহাইৰো ব্যৱস্থা কৰা হৈছে । তদুপৰি ভাৰতৰ আন্তঃগাঁথনি ক্ষেত্ৰত কৰা বিনিয়োগৰ বাবে স্বতন্ত্ৰ সম্পদ পুঁজিক ১০০ শতাংশ কৰ ৰেহাই দিয়াৰো প্ৰস্তুতি চলোৱা হৈছে । ৰেহাইৰ উপৰি বিদেশী বা স্বতন্ত্ৰ বিনিয়োগকাৰীসকলক আন্তঃগাঁথনি প্ৰকল্পৰ প্ৰতি আগ্ৰহী কৰিবলৈ ডিভিঢেণ্ড ডিষ্ট্ৰিবিউশ্যন টেক্স বন্ধ কৰাৰফলত ভাৰতে ২২ হাজাৰ কোটি টকা হেৰুৱাব । ইয়াৰ জৰিয়তে ভাৰতে আশা কৰিছে যে বিশ্বমানৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ বাবে যথেষ্ট পৰিমাণৰ বিনিয়োগ লাভ কৰিব যাৰ পৰিমাণ চাৰি বছৰত প্ৰায় এক ত্ৰিলিয়ন ডলাৰ হ’ব । ইয়াৰ লগতে বিবাদ চে বিশ্বাস আঁচনিৰ জৰিয়তে জৰিমহা আৰু সুত ৰেহাই দি প্ৰত্যক্ষ কৰৰ লগত জড়িত ৪,৯০,০০০ গোচৰ প্ৰত্যাহাৰ কৰাৰো পদক্ষেপ লোৱা হৈছে । কিন্তু বাজেটৰ বাতৰিৰ শিৰোনামা হৈছে কৰদাতাসকলক দিয়া সকাহ আৰু সৰলীকৃত আয়কৰ আইন ।

নিৰ্দিষ্ট কিছু কৰ্তন আৰু ৰেহাইৰে কৰদাতাসকলৰ বাবে আয়কৰৰ হাৰ ৰেহাই দি বাজেটে এক নতুন আৰু সৰলীকৃত কৰ ব্যৱস্থা প্ৰৱৰ্তনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে । এই বাজেটত বৰ্তমান অব্যাহত থকা ৭০ টাতকৈ অধিক ধৰণৰ ৰেহাই আৰু বিভিন্ন ধৰণৰ শতাধিক কৰ্তন প্ৰত্যাহাৰ কৰা হৈছে । বাকী থকা ৰেহাই আৰু কৰ্তনসমূহ কৰ ব্যৱস্থা সৰলীকৃত কৰাৰ লগতে কৰৰ হাৰ হ্ৰাস কৰাৰ উদ্দেশ্যে অনাগত বছৰত বিবেচনা আৰু সিদ্ধান্ত গ্ৰহণ কৰা হ’ব । সৎ কৰদাতাসকলক উৎসাহিত কৰাৰ বাবে কৰদাতাৰ বাবে নতুন চনত প্ৰণয়নৰ বাবেও চিন্তা-চৰ্চা চলিছে । ক্ৰমশঃ বেংক কেলেংকাৰী বৃদ্ধি হৈ অহাত আতংকিত হৈ পৰা মধ্য বিত্তীয় জমাদাতাসকলৰ বাবে ডিপ’জিট ইঞ্চুৰেঞ্চ গেৰাণ্টী কৰ্প’ৰেশ্যনক ডিপ’জিট ইঞ্চুৰেঞ্চৰ পৰিমাণ প্ৰতিজন জমাদাতাৰ বিপৰীতে এক লাখৰ পৰা পাঁচ লাখ চকালৈ বৃদ্ধি কৰাৰ বাবে অনুমোদন দিয়া হৈছে ।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিচৰামতে সীতাৰমণৰ বাজেটে নিৰ্দিষ্ট খণ্ডত বৃহৎ আৱণ্টন দিয়াৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে যাতে আগন্তুক মাহসমূহত অৰ্থনৈতিক বিকাশত সহায়ক হয় । সীতাৰমণে বাজেট দাখিল কৰাৰ পাছতে ছেনছেক্স নিম্নগামী হয় যদিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই বাজেটক সবকা সাথ বাজেট বুলি আখ্যা দিয়ে আৰু ইয়াত দৃষ্টি আৰু কাৰ্যাৱলী দুয়োটাই থকা বুলি কয় । বাজেটত ঘোষণা কৰা নতুন সংস্কাৰে অৰ্থনীতিৰ বিকাশ দ্ৰুত কৰাৰ লগতে প্ৰতিগৰাকী নাগৰিককে অৰ্থনৈতিকভাৱে সবল কৰিব আৰু এই দশকত অৰ্থনীতিৰ ভেটি শক্তিশালী কৰিব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্পষ্টভাৱে দাবী কৰে । যিহেতু বাজেটখনত প্ৰতিফলিত হোৱা অনুসৰি জলসিঞ্চন আৰু গ্ৰাম্য অৰ্থনীতিৰ আন দিশবোৰত ব্যপক হাৰত ব্যয় কৰি ২০২২ চনৰ ভিতৰত খেতিয়কৰ আয় দুগুণ কৰাৰ বাবে চৰকাৰৰ লক্ষ্যৰ বিষয়ে উল্লেখ আছে ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ হৃদয় যে গ্ৰামীণ ভাৰতত আছে সেয়া প্ৰমাণ পোৱা যায় । ষ্টাৰ্টআপক অনুপ্ৰেৰণা যোগাই বাজেটে দেশৰ যুৱ প্ৰজন্মক নিশ্চিতভাৱে নতুন শক্তি প্ৰদান কৰিব বিচাৰে । বাজেটে সৃষ্টি কৰিবলগীয়া চাকৰিৰ প্ৰকৃত সংখ্যা উল্লেখ নথকাৰ বাবে মোদীৰ সমলোচকসকলে বাজেটখনক সমালোচনা কৰিছে । কিন্তু মোদী আৰু সীতাৰমণ দুয়োৱে স্পষ্ট কৰিছে—“নিয়োগৰ মূল খণ্ডসমূহ হৈছে কৃষি, আন্তঃগাঁথনি, বস্ত্ৰ উদ্যোগ আৰু প্ৰযুক্তি । সংস্থাপন সৃষ্টি বৃদ্ধি কৰাৰ বাবে এই চাৰিটা খণ্ডত বাজেটখনত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে।” উড়ান আঁচনি ৰূপায়ণ কৰাৰ উদ্দেশ্যে এশটা বিমান বন্দৰ নিৰ্মাণৰ বাবে গ্ৰহণ কৰা লক্ষ্যৰ ফলত আন্তঃগাঁথনিয়ে গুৰুত্ব লাভ কৰিছে । লগতে পি পি পি পদ্ধতিৰে ১৫০ খন যাত্ৰীবাহী ৰে’লৰ চলাচল আৰম্ভ কৰা হ’ব । যেতিয়া সীতাৰমণে কৈছিল যে সকলো নাগৰিকৰ হৈ সহজ জীৱন ধাৰণৰ বাবে আমাৰ প্ৰধানমন্ত্ৰীয়ে লক্ষ্য নিৰ্ধাৰণ কৰি দিছে ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজনৈতিক উদ্দেশ্যৰ প্ৰাধান্যৰ প্ৰতিফলন ঘটে । ইয়াৰ বাবে কৃষক উপযোগী পদক্ষেপ যেনে ২০২০-২১ বৰ্ষৰ বাবে কৃষি ঋণৰ লক্ষ্য ১৫ লাখ কোটি টকা কৰা, দেশজোৰা কৃষি সামগ্ৰী যোগানৰ বাবে কৃষি ৰে’ল আৰু কৃষি উড়ানৰ দৰে আঁচনি, সৌৰশক্তি চালিত পাম্প স্থাপনৰ বাবে পি এম-কুষুম আঁচনিক ২০ লাখ কৃষকলৈ সম্প্ৰসাৰণ কৰা আদি পদক্ষেপ গ্ৰহণ কৰা হৈছে । চৰকাৰৰ নিম্ন পৰ্যায়ৰ পদত নিযুক্তিৰ বাবে ৰাষ্ট্ৰীয় নিযুক্তি সংস্থা বা নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেন্সী গঠন কৰাৰ বিষয়ে যেতিয়া বাজেটত ঘোষণা কৰা হৈছিল তেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উৎফুল্লিত হৈ পৰে ।

“চৰকাৰী চাকৰিৰ বাবে বিভিন্ন পৰীক্ষাৰ সলনি এটা অনলাইন পৰীক্ষা নেশ্যনেল ৰিক্ৰুইটমেণ্ট এজেন্সীয়ে পাতিব,” মোদীয়ে এনেদৰে কয় । যেতিয়া সীতাৰমণে কয় যে বাজেটখন মূলতঃ তিনিটা দিশৰ ওপৰত প্ৰতিষ্ঠিত । সীতাৰমণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভবা শক্তিশালী ৰাজনৈতিক শ্ল’গান আকাংক্ষাৰ ভাৰতবৰ্ষৰ কথাকে আওৰায় । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মতে আকাংক্ষাৰ ভাৰতবৰ্ষ এনে এখন দেশ য’ত সমাজৰ সকলো শ্ৰেণীয়ে জীৱন ধাৰণ, স্বাস্থ্য সেৱা, শিক্ষা আৰু চাকৰিৰ উন্নত মান বিচাৰে । তিনিটা বিশাল দিশক একত্ৰিত কৰিছে দুৰ্নীতিমুক্ত, নীতিৰ দ্বাৰা পৰিচালিত সুশাসন আৰু স্বচ্ছ আৰু সুস্থ বিত্তীয় খণ্ডই ।

স্থানীয় উৎপাদন বৃদ্ধিৰ বাবে চৰকাৰে আমদানি বন্ধ কৰা বা ভাৰতত প্ৰস্তুত সামগ্ৰীৰ ওপৰত শুল্ক কৰ বৃদ্ধি কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে যাতে চীনৰ সামগ্ৰীৰ আধিপত্যৰ পৰা তেনে উৎপাদন ক্ষেত্ৰসমূহ ৰক্ষা কৰিব পাৰি । ইয়াৰ ফলত ভাৰতক ৰক্ষণশীল দেশ বুলি আখ্যা দিবলৈ আন দেশসমূহে সুযোগ লাভ কৰিব পাৰে যদিও ভাৰতৰ বাণিজ্যিক ক্ষেত্ৰক প্ৰাণৱন্ত কৰিবলৈ কোনো মূল্যই ডাঙৰ হ’ব নোৱাৰে ।

আৰু পঢ়ক : প্ৰান্তীয় সকলৰে বাৰ্তালাপ

ABOUT THE AUTHOR

...view details