নতুন দিল্লী,10 জুলাই: ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুকুৰবাৰে এক ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মধ্যপ্ৰদেশৰ ৰীৱাত এক 750 মেগাৱাটযুক্ত সৌৰশক্তি আঁচনি মুকলি কৰে ৷ উক্ত কনফাৰেন্সত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ এই আঁচনিৰ অধীনত এক সৌৰচালিত উদ্যানৰ অন্তৰ্গত 500 হেক্টৰ ভূমিত 250 মেগাৱাটযুক্ত তিনিটাকৈ সৌৰ প্ৰকল্প অন্তৰ্ভূক্ত থাকিব ৷ এই আঁচনিয়ে দেশৰ ৰাজধানী চহৰ নতুন দিল্লীৰ মেট্ৰ’কে ধৰি বাহিৰৰ অন্যন্য সংস্থাক বিদ্যুৎ যোগান ধৰিবলগীয়া আঁচনিৰ ভিতৰত প্ৰথম অক্ষয় বিদ্যুৎ আঁচনি হিচাপে পৰিগণিত হৈছে ৷ যি পৰিকল্পনাৰ অধীনত প্ৰতিটো সংস্থাই প্ৰায় 24 শতাংশ বিদ্যুতৰ লাভ কৰিব ৷ বাকী 76 শতাংশ বিদ্যুতৰ অভাৱ মধ্যপ্ৰদেশৰ বিদ্যুত বিতৰণ কোম্পানীসমূহে পূৰ কৰিব ৷
লগতে ইয়াকো উল্লেখ কৰা হৈছে যে, 2022 বৰ্ষলৈকে 100 গিগাৱাইটযুক্ত সৌৰ শক্তি প্ৰকল্পটোৰ আঁচনিখন লক্ষ্যত উপনীত কৰিবলৈ ভাৰতে বিভিন্ন প্ৰতিবন্ধকতাৰ সন্মুখীন হৈছিল ৷ এই আঁচনিখনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ মাজৰ সু-সম্পৰ্ককে প্ৰতিফলিত কৰা বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ ই দেশৰ প্ৰথমটো সৌৰশক্তিৰ ব্যয়বহুল বৃহৎ আঁচনি হিচাপে পৰিগণিত হ’ব ৷ 2017 চনৰ আৰম্ভণিতে সৌৰ শক্তিৰ অধীনত প্ৰায় 4.50 টকা প্ৰতি ইউনিটত ব্যয়ৰ তুলনাত ৰীৱা পৰিকল্পনাৰ জৰিয়তে 2.97 টকাকৈ প্ৰতি ইউনিটত ব্যয়েৰে প্ৰথম বছৰৰ টেৰিফ 15 বছৰত 0.05 টকা প্ৰতি ইউনিট বৃদ্ধিৰে আৰু প্ৰতি ইউনিটত 3.30 টকা লাভ কৰিবলৈ সক্ষম হয় ৷ এই আঁচনিৰ উৎকৃষ্ট পৰিকল্পনাৰ বাবে ইতিমধ্যে বিশ্ব বেংকৰ অধীনত ৰাষ্ট্ৰপতিৰ পুৰস্কাৰ পাবলৈ সমৰ্থ হৈছে ৷ লগতে প্ৰধানমন্ত্ৰীৰ আৱিস্কাৰ সম্পৰ্কীয় এক গ্ৰন্থৰ নতুন উদ্ভাৱন শীৰ্ষক শাখাত স্থান লাভ কৰিছে ৷