অসম

assam

By

Published : Jan 30, 2021, 9:59 PM IST

ETV Bharat / bharat

গান্ধী স্মৃতিৰ প্ৰাৰ্থনা সভাত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি

মহাত্মা গান্ধীৰ ৭৩ সংখ্য়ক মৃত্য়ু বাৰ্ষিকীত গান্ধী স্মৃতিৰ প্ৰাৰ্থনা সভাত উপস্থিত থাকে উপৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীসহ বহু বিশিষ্ট ব্য়ক্তি ।

গান্ধী স্মৃতিৰ প্ৰাৰ্থনা সভাত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি
গান্ধী স্মৃতিৰ প্ৰাৰ্থনা সভাত জাতিৰ পিতাক শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক , ৩০ জানুৱাৰী : শনিবাৰে দেশজুৰি পালন কৰা হয় মহাত্মা গান্ধীৰ ৭৩ সংখ্য়ক মৃত্য়ু বাৰ্ষিকী । জাতিৰ পিতাৰ মৃ্ত্য়ু দিৱসৰ লগত সংগতি ৰাখি দিল্লীৰ গান্ধী স্মৃতিত এক প্ৰাৰ্থনা সভাৰ আয়োজন কৰা হয় । প্ৰাৰ্থনা সভাত উপ ৰাষ্ট্ৰপতি এম ভেঙ্কাইয়া নাইডু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থাকে । লগতে কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু বিৰোধীৰ জ্যেষ্ঠ নেতাসকলেও অংশগ্ৰহণ কৰে এই কাৰ্যসূচীত।

উপৰাষ্ট্ৰপতি এম ভেঙ্কাইয়া নাইডুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে শনিবাৰে ইয়াত গান্ধী স্মৃতিত ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীৰ ৭৩ তম মৃত্যু বাৰ্ষিকীত আয়োজিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলে ৰাষ্ট্ৰপিতাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মহান নেতাজনৰ স্মৃতিত মৌন প্ৰাৰ্থনাও কৰে । প্ৰাৰ্থনা সভাৰ সময়ত গায়ক অনুপ জালোটাই মহাত্মাৰ অন্যতম প্ৰিয় ভজন "বৈষ্ণৱ জন তো তেনে কহিয়ে'ৰ এক সুন্দৰ উপস্থাপন কৰে ।

সমগ্ৰ ভাৰতত দেশৰ বাবে প্ৰাণ দিয়া লোকসকলক সন্মান জনাবলৈ পাঁচ দিনীয়াকৈ শ্বহীদ দিৱস পালন কৰা হয় । ইয়াৰে ভিতৰত প্ৰথম দিনটো ৩০ জানুৱাৰী অৰ্থাৎ যিটো দিনত ১৯৪৮ চনত নাথুৰাম গডছে হত্য়া কৰিছিল স্বাধীনতা আন্দোলনৰ অন্য়তম আৰু মহান নেতা মহাত্মা গান্ধীক ।

লগতে পঢ়ক :অহা ১৫ ফেব্ৰুৱাৰীলৈকে গুজৰাটৰ ৪ খন চহৰত নৈশ সান্ধ্য আইন জাৰি

For All Latest Updates

ABOUT THE AUTHOR

...view details