অসম

assam

By

Published : Oct 15, 2019, 4:12 PM IST

ETV Bharat / bharat

আব্দুল কালামৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰী মোডীৰ শ্ৰদ্ধাঞ্জলী জ্ঞাপন

প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামৰ 88 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষ্যে মঙলবাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ উন্নয়নত তেওঁৰ অৱদানকো শ্ৰদ্ধাৰে সোঁৱৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

এ.পি.জে. আব্দুল কালাম

নেশ্বনেল ডেস্ক, 15 অক্টোবৰ : প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামৰ 88 সংখ্যক জন্ম বাৰ্ষিকী উপলক্ষ্যে মঙলবাৰে শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ দেশৰ উন্নয়নত তেওঁৰ অৱদানকো শ্ৰদ্ধাৰে সোঁৱৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ টুইটাৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোডীয়ে কয়, "কালামজীৰ জন্ম বাৰ্ষিকীত হিয়াভৰা শ্ৰদ্ধা জ্ঞাপন কৰিলো ৷ তেওঁ 21 শতিকাৰ ভাৰতৰ সপোন দেখাৰ লগতে দেশলৈ অসাধাৰণ অৱদান আগবঢ়াইছিল ৷ তেওঁৰ জীৱন তথা আদৰ্শই দেশৰ প্ৰতিজন লোককে প্ৰেৰণা যোগাই আহিছে ৷ আব্দুল কালামৰ জন্ম জয়ন্তীত তেওঁক অভিবাদন জ্ঞাপন কৰিছো ৷"

দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰাৰ লগতে কয় যে, আব্দুল কালাম দেশৰ প্ৰতিজন লোকৰে হৃদয় আৰু মগজুত বৰ্তমানেও বাস কৰিছে ৷

উল্লেখ্য যে, 'ভাৰতৰ মিছাইল মানৱ' হিচাপে পৰিচিত আবু পাকিৰ জয়নাল আবেদিন আব্দুল কালামৰ জন্ম হৈছিল তামিলনাডুৰ ৰামেশ্বৰমত ৷ 1931 চনৰ 15 অক্টোবৰত জন্ম গ্ৰহণ কৰা কালামে 2002 চনত দেশৰ 11 সংখ্যক ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল ৷ বন্ধুত্বসূলভ স্বভাৱৰ বাবে মানুহৰ মাজত সুপৰিচিত আছিল কালাম ৷ 2010 চনত ৰাষ্ট্ৰসংঘই তেওঁৰ জন্মদিনটোক 'বিশ্ব ছাত্ৰ দিৱস' হিচাপে স্বীকৃতি প্ৰদান কৰিছিল ৷ কালামে তেওঁৰ সমগ্ৰ জীৱন শিক্ষকতাৰ বাবে সমৰ্পিত কৰিছিল আৰু নিজকে সদায় শিক্ষক হিচাপে পৰিচয় দি ভাল পাইছিল ৷

এ.পি.জে. আব্দুল কালাম

2015 চনৰ 27 জুলাইত শ্বিলঙৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ মেনেজমেন্টত ভাষণ প্ৰদান কৰি থকাৰ সময়তে তেওঁ মৃত্যুক সাৱটি লৈছিল ৷

ABOUT THE AUTHOR

...view details