অসম

assam

ETV Bharat / bharat

ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানলৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ ৷ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰা হয় এই কথা ৷

PM leaves for Ayodhya to lay foundation stone of Ram temple
ভূমি পূজনৰ বাবে অযোধ্যালৈ যাত্ৰা প্ৰধানমন্ত্ৰী মোডীৰ

By

Published : Aug 5, 2020, 10:39 AM IST

নেশ্যনেল ডেস্ক, 5 আগষ্ট : আজি অযোধ্যাত স্থাপন কৰা হ'ব ৰাম মন্দিৰৰ আধাৰশিলা ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে দেশৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তিয়ে ৷ এই অনুষ্ঠানত উপস্থিত হ'বৰ বাবে এখন বায়ুসেনাৰ বিমানেৰে অযোধ্যালৈ গমন কৰা প্ৰধানমন্ত্ৰী মোডীৰ এখন ফ'টো শ্বেয়াৰ কৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷ পৰাম্পৰাগত ধুতী-কূৰ্তাত প্ৰত্যক্ষ কৰা হয় প্ৰধানমন্ত্ৰী মোডীক ৷

প্ৰধানমন্ত্ৰী মোডীৰ কাৰ্যালয়ৰ পৰা টুইটাৰৰ জৰিয়তে কোৱা হয়, "অযোধ্যালৈ যাত্ৰা কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷" লক্ষ্নৌৰ পৰা হেলিকপ্টাৰেৰে গমন কৰে মোডীয়ে ৷ আধাৰশিলা স্থাপনৰ পূৰ্বে প্ৰধানমন্ত্ৰীগৰাকীয়ে হনুমানগৰহীত পূজা আৰু দৰ্শন সম্পন্ন কৰিব ৷

ইয়াৰ পৰাই তেওঁ শ্ৰী ৰাম জন্মভূমিলৈ গমন কৰিব আৰু পাৰিজাতৰ পুলি ৰোপন কৰিব ৷ ইয়াৰ পাচতে ভূমি পূজন সম্পন্ন কৰি আধাৰশিলা উন্মোচন কৰিব তেওঁ ৷

লগতে পঢ়ক :অনুচ্ছেদ 370 বাতিলৰ প্ৰথম বৰ্ষপূৰ্তি : এটা বছৰত নিহত 178 সন্ত্ৰাসবাদী

ABOUT THE AUTHOR

...view details