অসম

assam

ETV Bharat / bharat

কয়লা খনিয়ে কোঙা কৰা এটা অঞ্চল

অস্বাস্থ্যকৰ প্ৰদূষিত অঞ্চলত বাস কৰিবলৈ বাধ্য অঞ্চলটোৰ জনসাধাৰণ ৷

By

Published : May 9, 2019, 8:57 AM IST

কয়লা খনিয়ে কোঙা কৰা এটা অঞ্চল

নিউজ ডেস্ক, 9 মে' : কয়লা খাদৰ ধোঁৱাই কোঙা কৰিছে ঝাৰখণ্ডৰ ঝাৰিয়াবাসীক ৷ সুদীৰ্ঘ 100 বছৰৰো অধিক কাল ধৰি ঝাৰিয়া খনি প্ৰান্তৰ প্ৰদূষিত বায়ুৰ বাবে সংকটত ভুগিছে ঝাৰিয়াৰ জনসাধাৰণ ৷

কয়লা খনিয়ে কোঙা কৰা এটা অঞ্চল

উপায়ন্তৰ হৈ স্ব-গৃহ এৰি নিৰাপদ ঠাইলৈ ঢাপলি মেলিবলৈ বাধ্য হৈছে ঝাৰিয়াৰ খনিপ্ৰান্তত বাস কৰা জনসাধাৰণ ৷ প্ৰদূষণমুক্ত আশ্ৰয়স্থল বিচাৰি ঝাৰিয়াৰ পৰা বেলগাড়িয়াত থিতাপি লৈছে শতাধিক ঝাৰিয়াবাসীয়ে ৷ কিন্তু কয়লাখনি এৰি যোৱা বাবেই কৰ্মসংস্থাপনো হেৰুৱালগীয়াত পৰিছে দুৰ্ভগীয়া ঝাৰিয়াবাসী ৷ কয়লা খনিৰ শ্ৰমিকৰূপে কাম কৰাই আছিল ঝাৰিয়াবাসীৰ একমাত্ৰ উপাৰ্জনৰ পথ ৷ উপায়ন্তৰ হৈ কৰ্মসংস্থাপনৰ সন্ধানত ঝাৰিয়াৰ কয়লাখনিৰ অস্বাস্থ্যকৰ পৰিৱেশ মাজলৈ পুনৰ উভতিবলৈ বাধ্য হৈছে ঝাৰিয়াৰ জনসাধাৰণ ৷ অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰা এজন ঝাৰিয়াবাসীৰ মুখেৰেই শুনক অঞ্চলটোৰ পৰিৱেশ আৰু নিজৰ পৰিস্থিতিৰ বিষয়ে ৷

ABOUT THE AUTHOR

...view details