নতুন দিল্লী,11 জুন : পাকিস্তানৰ বায়ুসীমাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বিমান উৰণৰ অনুমতি দিয়াৰ সম্ভাৱনা ৷ বালাকোটত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পাচত পাকিস্তানে নিষিদ্ধ কৰিছিল পাকিস্তানৰ বায়ুসীমাত ভাৰতীয় বিমানৰ প্ৰৱেশ ৷ কিৰ্গিস্তানত অনুষ্ঠিত হ'বলগীয়া সাংহাই সন্মিলনলৈ যাবলৈ পাকিস্তানৰ বায়ুসীমাৰে প্ৰধানমন্ত্ৰীৰ বিশেষ বিমান উৰণৰ বাবে অনুমতি বিচাৰিছে ভাৰতে ৷
পাকিস্তানে নৰেন্দ্ৰ মোডীৰ বাবে মুকলি কৰিবনে বায়ুসীমা ? - পাকিস্তান
বালাকোটত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পাচত পাকিস্তানে নিষিদ্ধ কৰিছিল বায়ুসীমাত বিমানৰ প্ৰৱেশ ৷ কিৰ্গিস্তানত অনুষ্ঠিত হ'বলগীয়া সাংহাই সন্মিলনলৈ যাবলৈ পাকিস্তানৰ বায়ুসীমাৰে প্ৰধানমন্ত্ৰীৰ বিমান উৰণৰ বাবে অনুমতি বিচাৰিছে ভাৰতে ৷
PM
পাকিস্তানে বালাকোটৰ জইছ এ মহম্মদৰ সন্ত্ৰাসবাদী শিবিৰত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পাচতে 26 ফেব্ৰুৱাৰীত পাকিস্তানৰ বায়ুসীমাত প্ৰৱেশ নিষিদ্ধ কৰিছিল দেশখনে ৷ কিৰ্গিস্তানত অনুষ্ঠিত হ'বলগীয়া সন্মিলনৰ বাবে বায়ুপথ মুকলি কৰি দিবলৈ অনুৰোধ জনাইছিল পাকিস্তানক ৷ ইয়াৰ পূৰ্বে 21 মে'ত তেতিয়াৰ বিদেশ মন্ত্ৰী সুষমা স্বৰাজে কিৰ্গিস্তানত অনুষ্ঠিত বিদেশ মন্ত্ৰীৰ বৈঠক অনুষ্ঠিত কৰিবলৈ যাওতে পাকিস্তানে বিমান উৰণৰ অনুমতি প্ৰদান কৰিছিল ৷