অসম

assam

ETV Bharat / bharat

অজিত ডোভালৰ হৃষিকেশ যাত্ৰা সন্দৰ্ভত কেন্দ্ৰৰ স্পষ্টীকৰণ

24 অক্টোবৰত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (NSA) অজিত ডোভালে হৃষিকেশস্থিত পৰমাৰ্থ নিকেতন আশ্ৰমত উপস্থিত হৈ ভাৰতৰ আধ্যাত্মিক শক্তিৰ ওপৰত মন্তব্য কৰাৰ লগতে ভক্তসকলক সাক্ষাৎ কৰে ৷ তেওঁ ধৰ্মীয় অনুষ্ঠানত কোনো দেশ অথবা বিশেষ পৰিস্থিতিৰ কথা উল্লেখ নকৰা বুলি চৰকাৰী কৰ্তৃপক্ষই সদৰি কৰে ৷

By

Published : Oct 26, 2020, 9:26 AM IST

NSA Ajit Doval's speech not about China or any specific situation, govt officials clarify
ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই ধৰ্মীয় অনুষ্ঠানত কৰা মন্তব্যৰ স্পষ্টীকৰণ চৰকাৰী কৰ্তৃপক্ষৰ

নিউজ ডেস্ক,26 অক্টোবৰ : ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (NSA) অজিত ডোভালে শুদ্ধৰূপত সভ্যতা আৰু আধ্যাত্মিক সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছিল ৷ শনিবাৰে হৃষিকেশৰ ধৰ্মীয় অনুষ্ঠানত কোনো দেশ অথবা বিশেষ পৰিস্থিতিৰ কথা উল্লেখ কৰা নাছিল ৷ চৰকাৰী কৰ্তৃপক্ষই এই স্পষ্টীকৰণ দাঙি ধৰে ৷

কৰ্তৃপক্ষই সদৰি কৰা মতে,আধ্যাত্মিক প্ৰসংগত এনএছএৰ মন্তব্যই সাঙুৰি লোৱাৰ প্ৰয়াসক অৱহেলা কৰা হৈছে ৷ কাৰণ তেওঁ পূৱ লাডাখৰ সীমা বিবাদ সন্দৰ্ভত মন্তব্য কৰা নাছিল ৷ আনহাতে এনএছএই চীন আৰু লাডাখৰ স্থিতি সন্দৰ্ভত মন্তব্য কৰা বুলি কিছুসংখ্যক সংবাদ মাধ্যমৰ প্ৰতিবেদনত প্ৰকাশ পায় ৷

উল্লেখ্য যে, 24 অক্টোবৰত ডোভালে হৃষিকেশস্থিত পৰমাৰ্থ নিকেতন আশ্ৰমত উপস্থিত হৈ ভাৰতৰ আধ্যাত্মিক শক্তিৰ ওপৰত মন্তব্য কৰাৰ লগতে ভক্তসকলক সাক্ষাৎ কৰিছিল ৷ মন্তব্যত তেওঁ স্বামী বিবেকানন্দকো স্মৰণ কৰে ৷

তেওঁ কৈছিল যে, "আমি যুঁজিম,য‘ত আপুনি আমাৰ সৈতে যুঁজিব বিচাৰে ৷ এয়া অনিবাৰ্য নহয় ৷ আমি আমাৰ ভূমি আৰু আনৰ ভূমিতো যুদ্ধ কৰিম,কিন্তু স্বাৰ্থৰ বাবে নহয় ৷ আনৰ ভৱিষ্যতৰ বাবে আমি যুঁজিম ৷" ডোভালে ৰাষ্ট্ৰক ভৌতিক নিয়মৰ মাজত বান্ধি ৰখাৰ বাবে উপদেশ দিয়ে ৷

লগতে পঢ়ক :বিহাৰক বিনামুলীয়া প্ৰতিষেধক, বাকীবোৰ ৰাজ্য বাংলাদেশৰ নেকি ?

ABOUT THE AUTHOR

...view details