অসম

assam

By

Published : Jul 18, 2020, 4:10 PM IST

ETV Bharat / bharat

পেৰিয়াৰ কাণ্ডক লৈ ৰাহুল গান্ধীৰ টুইট

তামিলনাডুৰ পেৰিয়াৰ প্ৰতিমূৰ্তিত অচিনাক্ত দুৰ্বৃত্তই ৰং ছটিয়াই দিয়া কাণ্ডক লৈ টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাহুল গান্ধীয়ে ৷

পেৰিয়াৰ কাণ্ডক লৈ ৰাহুল গান্ধীৰ টুইট
পেৰিয়াৰ কাণ্ডক লৈ ৰাহুল গান্ধীৰ টুইট

নিউজ ডেস্ক, 18 জুলাই : তামিলনাডুৰ কইম্বটোৰস্থিত পেৰিয়াৰৰ প্ৰতিমূৰ্তিত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত ৰং ছটিওৱা কাণ্ডক লৈ শনিবাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে ৷ প্ৰয়াত সামাজিক কৰ্মী ইভি ৰামাস্বামী পেৰিয়াৰৰ প্ৰতিমূৰ্তিত শুকুৰবাৰে কোনো অচিনাক্ত দুৰ্বৃত্তই গেৰুৱা ৰং ছটিয়াইছিল ৷

ঘটনা সন্দৰ্ভত এগৰাকী মহান ব্যক্তিক ঘৃণাই কোনো কাৰণতে পৰাজিত কৰিব নোৱাৰে বুলি ৰাহুল গান্ধীয়ে টুইট কৰে ৷

পেৰিয়াৰ এগৰাকী ভাৰতীয় সামাজিক কৰ্মী আৰু ৰাজনৈতিক নেতা আছিল যিয়ে,আত্মসন্মান আন্দোলনৰ লগতে ড্ৰাভিড়া কাজাগাম আৰম্ভ কৰিছিল ৷ তেওঁক ড্ৰাভিড়া আন্দোলনৰ পিতামহ হিচাপেও জনা যায় ৷

শুকুৰবাৰে সংঘটিত এই ঘটনাৰ পিচতে স্থানীয় লোকসকলে এই কাণ্ডৰ সৈতে জড়িত থকা দুৰ্বৃত্তক চিনাক্ত কৰি তেওঁলোকক শীঘ্ৰেই উচিত শাস্তি প্ৰদান কৰাৰ বিষয়ে দাবী উত্থাপন কৰে ৷ ঘটনা সন্দৰ্ভত ড্ৰাভিড়া কাজাগামৰ কৰ্মীসকলে এখন এজাহাৰো দাখিল কৰে ৷ ঘটনাৰ পিচতে পেৰিয়াৰৰ সমৰ্থক আৰু আৰক্ষী কৰ্মীয়ে তেওঁৰ প্ৰতিমূৰ্তিটো পৰিস্কাৰ কৰে ৷ এই ঘটনাৰ পিচতেই প্ৰতিমূৰ্তিটোৰ সন্মুখত বৃহৎ হাৰত নিৰাপত্তাৰক্ষী নিয়োগ কৰা হয় ৷

লগতে পঢ়কঃকৰ'ণা ত্ৰাসৰ মাজতে ৬০০ লোকক নিযুক্তি দিলে ভাৰতীয় সেনাৰ পৰ্টাৰ কোম্পানীয়ে

ABOUT THE AUTHOR

...view details