নেশ্যনেল ডেস্ক,17 জানুৱাৰীঃ নতুন দিল্লীৰ এটা ন্যায়ালয়ে শুকুৰবাৰে নিৰ্ভয়া ধৰ্ষণকাণ্ডৰ চাৰি দোষীক অহা 1 ফেব্ৰুৱাৰীৰ পুৱা 6 বজাত ফাঁচীকাঠত মৃত্যুদণ্ডৰে দণ্ডিতৰ ৰায়দান প্ৰদান কৰে ৷ অতিৰিক্ত সত্ৰ ন্যায়াধীশ সতীশ কুমাৰ অৰোৰাই এই ঘটনাৰ ঘটনাৰ এজন অন্যতম দোষী মুকেশ কুমাৰৰ আবেদনৰ সন্দৰ্ভত বিচাৰ কৰি আছিল ৷ পূৰ্ব নিৰ্ধাৰিত 22 জানুৱাৰীত ফাঁচীৰ দিন পিছুৱাই 1 ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হয় ৷
ইয়াৰ পূৰ্বে প্ৰথম দিনাখন তিহাৰ জেলৰ বিষয়াই এই চাৰি অভিযুক্তৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ বাবে ৰায়ৰ দাবী কৰিছিল ৷ ৰাজহুৱা অধিবক্তা ইৰফান আহমেদে ন্যায়ালয়ক কয় যে মুকেশৰ আবেদনক শুকুৰবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে নাকচ কৰিছিল ৷