নতুন শিক্ষা নীতিত বহুসংখ্যক নতুন পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে বহুমুখী দৃষ্টিকোণ,স্নাতক শিক্ষাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে বিভিন্ন বিকল্পৰ ব্যৱস্থা,MPhil ডিগ্ৰী উঠাই লোৱা আদি ৷ কিন্তু এই নীতিত আইনী সমৰ্থন তথা যোগাত্মক কাৰ্যৰ অভাৱ আছে বুলি মন্তব্য কৰে হায়দৰাবাদৰ NALSAR University ৰ উপাধ্যক্ষ ডঃ ফৈজান মুস্তাফাই ৷ ইটিভি ভাৰতৰ কৃঞ্চানন্দ ত্ৰিপাঠীৰ সৈতে এক আছুতীয়া সাক্ষাৎকাৰত মুস্তাফাই কয় যে,নতুন নীতিসমূহ আমেৰিকাৰ শিক্ষা নীতিৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে কিন্তু একে ধৰণৰ স্বায়ত্ব শাসনৰ অভাৱ ৷
প্ৰশ্ন : নতুন শিক্ষা নীতি, 2020 সম্পৰ্কত আপোনাৰ প্ৰথম মন্তব্য কি ?
উত্তৰ :মই ওড়িশাৰ আইন বিশ্ববিদ্যালয়ৰ উপাধ্যক্ষ আছিলো ৷ ইয়াৰ পূৰ্বে মই Law School of KIIT ৰ প্ৰতিস্থাপক সঞ্চালক আছিলো ৷ ইয়াৰ জৰিয়তে বিজ্ঞান, কলা আৰু সংগীতক পৃথক সংস্থা হিচাপে চোৱাৰ চেষ্টা কৰা হৈছিল ৷ মই প্ৰায় এটা দশক ধৰি এই ক্ষেত্ৰত কাম কৰি আহিছো যদিও ঐক্যবদ্ধ শিক্ষাৰ (Integrated education) বাবে দেশ বৰ্তমানো সাজু হোৱা নাই ৷ মই ঐক্যবদ্ধ শিক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰা বাবে অতিশয় সুখী ৷ ইয়াৰ বাবে মই প্ৰধানমন্ত্ৰী মোডীক শুভেচ্ছা জ্ঞাপন কৰিছো ৷ কিন্তু এয়া এতিয়াও জ্ঞানৰ একত্ৰীকৰণৰ ক্ষেত্ৰত এখোজ পিছপৰি আছে ৷
যোৱা 70 বছৰত এয়া তৃতীয়টো শিক্ষা নীতি ৷ ইয়াৰ পৰা এয়া ধৰিব পাৰি যে, পূৰ্বৰ চৰকাৰে শিক্ষাখণ্ডত বিশেষ প্ৰাধান্যতা প্ৰদান নকৰিলে ৷ কিন্তু এই নীতি কোনো আইন নহয় আৰু ইয়াৰ জৰিয়তে শিক্ষাৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী চিন্তা-চৰ্চাৰ দৃষ্টিকোণ গ্ৰহণ কৰিছে ৷
প্ৰশ্ন : বিভিন্ন ধৰণৰ বিশ্ববিদ্যালয় থকা নীতিক এই নীতিয়ে খৰ্ব কৰিব ৷ এয়া ভাল ব্যৱস্থা হয়নে ?
উত্তৰ : এই বিষয়ত বিভ্ৰান্তিৰ সৃষ্টি হৈছে বুলি মই ভাবো,যেতিয়া মোডী চৰকাৰ গঠন হৈছিল তেতিয়া প্ৰায় 150 খন odd deemed universities সম্পৰ্কত কৈছিল যে, এই সংজ্ঞাটো অশুদ্ধ ৷ সেয়েহে তেওঁলোকে এক নিৰ্দেশ গৃহীত কৰিলে যাৰ দ্বাৰা দেশৰ সকলো deemed universities ৰ কাগজ-পত্ৰ পুনৰবাৰ ছপা কৰাবলৈ বাধ্য কৰিছিল ৷
দেশত বিশ্ববিদ্যালয় স্থাপন কৰাৰ ক্ষেত্ৰত তিনিটা বিধি আছে ৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয় এখন কেন্দ্ৰীয় আইনৰ অধীনত গঠন হয়,ৰাজ্যিক বিশ্ববিদ্যালয়সমূহ এখন ৰাজ্যিক আইনৰ অধীনত গঠন হয় আৰু তৃতীয়তে UGC ৰ অনুমোদনত এক কাৰ্যকৰী আদেশৰ জৰিয়তে বিশ্ববিদ্যালয় গঠন কৰা হয় ৷
এই বিশ্ববিদ্যালয়সমূহক UGC আইনৰ 3 নং অনুচ্ছেদৰ অধীনত অনুমোদনৰ জৰিয়তে অনুচ্ছেদ 3 বিশ্ববিদ্যালয় বুলি অভিহিত কৰা হৈছে ৷ এই deemed universities সমূহ আইনৰ দ্বাৰা সমৰ্থিত নহয় সেয়েহে UPA চৰকাৰে সেই বিশ্ববিদ্যালয়সমূহক অনুচ্ছেদ 3 বিশ্ববিদ্যালয় বুলি অভিহিত কৰিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু, পাচত এই বিশ্ববিদ্যালয়সমূহক deemed to be universities বুলি ঘোষণা কৰিবলৈ নিৰ্দেশ দিয়ে ৷
আমাৰ পৃথক ধৰণৰ বিশ্ববিদ্যালয় আছে ৷ মই নাভাবো যে, সকলো বিশ্ববিদ্যালয়কে একে ধৰণৰ বিশ্ববিদ্যালয় বুলি শ্ৰেণীভাগ কৰি দিয়া যুক্তিকৰ হ'ব ৷
প্ৰশ্ন : এই নীতিয়ে কিছু মহাবিদ্যালয়কো স্বায়ত্বশাসিত শিক্ষানুষ্ঠান হিচাপে অনুমতি প্ৰদান কৰিব ৷ এয়া সঠিক ব্যৱস্থা হয়নে ?
উত্তৰ : এই নীতি বহু পৰিমাণে আমেৰিকাৰ শিক্ষা ব্যৱস্থাৰ পৰা প্ৰভাৱান্বিত ৷ আমেৰিকাত বহু মহাবিদ্যালয়ে স্নাতক ডিগ্ৰী প্ৰদান কৰে ৷ কিছুমান ব্ৰিটিছ মহাবিদ্যালয়তো এই ব্যৱস্থা আছে ৷ এয়া এক যোগাত্মক ব্যৱস্থা ৷
সমস্যাটো হৈছে যে, আমাৰ উচ্চ শিক্ষা অত্যধিক নিয়ন্ত্ৰিত আৰু ইয়াত পুঁজিৰ অভাৱ ৷ নতুন শিক্ষা নীতি সৰল কিন্তু কঠোৰ নিয়ন্ত্ৰণাধীন বুলি কোৱা হৈছে ৷ কিন্তু কোনো বস্তু কঠোৰ নিয়ন্ত্ৰণাধীন হ'লে সৰল কেনেকৈ হ'ব ৷ আপুনি যদি কঠোৰ নিয়মাৱলীৰ অধীনত নিয়ন্ত্ৰণ কৰে তেন্তে মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ স্বায়ত্বশাসন ক'ত থাকিব ৷ মই ভাবো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়সমূহৰ বাবে ন্যাস গঠন কৰি স্বায়ত্বশাসন প্ৰদান কৰা উচিত ৷ আমি আমেৰিকাৰ নিয়ম অনুসৰণ কৰিবলৈ হ'লে স্বায়ত্ব শাসন প্ৰদান কৰিব লাগিব ৷
প্ৰশ্ন : আধাতে শিক্ষা সামৰা (Drop out) সকলৰ বাবে বিকল্প কি দেখা পাইছে ?