অসম

assam

By

Published : Aug 7, 2020, 7:21 PM IST

ETV Bharat / bharat

এয়া কাহানিও নুশুনা বিষয় : কংগ্ৰেছ-চীনৰ চুক্তি প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয়

২০০৮ চনত কংগ্ৰেছ আৰু চীনৰ মাজত হোৱা চুক্তি স্বাক্ষৰ প্ৰসংগত আদালতত দাখিল হোৱা এক আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে দুখ প্ৰকাশেৰে উল্লেখ কৰিলে যে, বিদেশী চৰকাৰৰ সৈতে দেশৰ কোনো ৰাজনৈতিক দলৰ চুক্তি কাহানিও শুনা নাছিলো । এনআইএ অথবা চিবিআইৰ দ্বাৰা সমগ্ৰ প্ৰক্ৰিয়াটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী প্ৰসংগত দিয়া এখন আবেদনৰ ভিত্তিত শুকুৰবাৰে আদালতে গ্ৰহণ কৰিছিল এক শুনানি ।

Never heard of such a matter: SC on Congress-China agreement signed in 2008
কংগ্ৰেছ চীনৰ চুক্তি প্ৰসংগত সৰ্বোচ্চ ন্যায়ালয় :ই কাহানিও নুশুনা বিষয়

নিউজ ডেস্ক, ৭আগষ্ট:উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এচ. এ. ববদেৰ নেতৃত্বত বহা এখন পীঠ আদালতে চীনৰ কমিউনিষ্ট পাৰ্টি আৰু কংগ্ৰেছৰ মাজত উচ্চ পৰ্যায়ৰ বাৰ্তাৰ আদান প্ৰদান কৰাৰ লক্ষৰে ২০০৮ চনত কৰা চুক্তি স্বাক্ষৰ প্ৰসংগত আদালতত দাখিল হোৱা এক আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে কৰিলে দুখ প্ৰকাশ ।

২০০৮ চনৰ ৭ আগষ্টত কংগ্ৰেছ আৰু চীনৰ মাজত হোৱা এক চুক্তি প্ৰসংগত এনআইএ অথবা চিবিআইৰ দ্বাৰা সমগ্ৰ প্ৰক্ৰিয়াটোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবীৰে কৰা এখন আবেদনৰ ভিত্তিত শুকুৰবাৰে আদালতে গ্ৰহণ কৰিছিল এক শুনানি ।

শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ মুখ্য নায়াধীশ গৰাকীয়ে ক'লে, পূৰ্বে বিদেশী চৰকাৰৰ সৈতে দেশৰ কোনো ৰাজনৈতিক দলৰ চুক্তি কাহানিও শুনা নাছিলো ।

আবেদনক অযুক্তিকৰ আখ্যা দি মুখ্য নায়াধীশ গৰাকীয়ে আবেদনকাৰীক বিষয়টো উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ বাবে অনুমতি দিলে যদিও ইয়াক লৈ আদালতক পৰীক্ষা কৰিবৰ বাবে দিলে নিৰ্দেশনা । যিহেতু ই কদাপি নুশুনা এটা বিষয় ।

শুকুৰবাৰে পীঠ আদালতত শুনানি গ্ৰহণ কৰা এই আবেদনখনত চেভিঅ' ৰ'দ্ৰিক্সে কংগ্ৰেছে চীনৰ লগত চুক্তি স্বাক্ষৰ কৰাৰ কথা উল্লেখ কৰি এনআইএ অথবা চিবিআইৰ দ্বাৰা তদন্তৰ দাবী কৰিছিল । UAPA Act,1967ৰ অধীনত ৰাহুল গান্ধী আৰু ছোনীয়া গান্ধীয়ে এই চুক্তি স্বাক্ষৰ কৰাৰ দাবীৰে ইয়াক অপৰাধ আখ্যা দি বিষয়টো ৰাজহুৱা কৰিবৰ বাবে আবেদনখনত উল্লেখ কৰা হৈছিল ।

লগতে পঢ়ক :আহিছে ভাল খবৰঃ বিশ্বৰ প্ৰথম ক'ভিড প্ৰতিষেধক মুকলিৰ দিশে ৰাছিয়া

ABOUT THE AUTHOR

...view details