অসম

assam

By

Published : Jun 8, 2020, 1:33 AM IST

ETV Bharat / bharat

মধ্যপ্ৰদেশত আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলি

দেওবাৰে বিয়লি মধ্যপ্ৰদেশৰ মাৱাই বনাঞ্চলত সংঘটিত হয় আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলিৰ ঘটনা ৷ মধ্যপ্ৰদেশ আৰক্ষীৰ HAWK বাহিনীয়ে চলাইছিল এই অভিযান ৷

Naxals and police fire exchange
Naxals and police fire exchange

নিউজ ডেস্ক, 7 জুন : মধ্যপ্ৰদেশত আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলি ৷ দেওবাৰে বিয়লি মাৱাই বনাঞ্চলত সংঘটিত হয় এই গুলীবৰ্ষণৰ ঘটনা ৷ মধ্যপ্ৰদেশ আৰক্ষীৰ HAWK বাহিনীয়ে চলোৱা এটা নক্সালবিৰোধী অভিযানৰ সময়তে এই গুলীয়াগুলী সংঘটিত হোৱা বুলি জানিব পৰা গৈছে ৷ আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ঘন অৰণ্যৰ মাজত লুকাই আছিল নক্সালবাদী ৷

আৰক্ষী আৰু নক্সালবাদীৰ মাজত গুলীয়াগুলি

মান্দালাৰ আৰক্ষী অধীক্ষক দীপক কুমাৰে জনোৱা মতে, অভিযানকাৰী দলটো মাৱাই বনাঞ্চলৰ মাজেৰে আগবাঢ়ি তাত্মা গাঁৱৰ সমীপত নক্সালবাদী থকাৰ সম্ভেদ লাভ কৰে ৷ তাৰ পাচতেই দুয়োপক্ষৰ মাজত গুলীয়াগুলি আৰম্ভ হয় ৷ গুলীবৰ্ষণৰ মাজতে নক্সালবাদী কেইজন ঘন জংঘলত সোমাই পৰে ৷ তেওঁলোকে লগত থকা খাদ্যকে ধৰি কেতবোৰ সামগ্ৰী সেই স্থানতে এৰি যায় ৷ আৰক্ষী অধীক্ষক গৰাকীয়ে জনোৱা অনুসৰি নক্সালৰ বিৰুদ্ধে HAWK বাহিনীৰ এই অভিযান অব্যাহত থাকিব অনাগত দিনত ৷

লগতে পঢ়ক :সুকমা আৰক্ষীৰ জালত 4 নক্সালবাদী

ABOUT THE AUTHOR

...view details