অসম

assam

ETV Bharat / bharat

দুৰ্ঘটনাগ্ৰস্ত COVID ৰোগীক উদ্ধাৰ মুম্বাই আৰক্ষীৰ

সোমবাৰে মহাৰাষ্ট্ৰত কোভিড ৰোগী কঢ়িয়াই নিয়া এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত হয় । তাত অতি কমেও 12 জন কোভিড ৰোগী আছিল । কোভিড কেন্দ্ৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল এই দুৰ্ঘটনা ।

দুৰ্ঘটনাগ্ৰস্ত COVID ৰোগীক উদ্ধাৰ মুম্বাই আৰক্ষীৰ
দুৰ্ঘটনাগ্ৰস্ত COVID ৰোগীক উদ্ধাৰ মুম্বাই আৰক্ষীৰ

By

Published : Jul 9, 2020, 12:39 AM IST

নিউজ ডেস্ক, 8 জুলাইঃ দুগৰাকী মুম্বাই আৰক্ষীৰ কনিষ্টবলৰ সহযোগত দুৰ্ঘটনাগ্ৰস্ত 5 গৰাকী COVID ৰোগীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় । এই ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে কনিষ্টবল দুগৰাকীৰ কাৰ্যক প্ৰশংসা আগবঢ়াইছে ।

উল্লেখ্য যে, সোমবাৰে মহাৰাষ্ট্ৰত কোভিড ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত হয় । তাত অতি কমেও 12 জন কোভিড ৰোগী আছিল । কোভিড কেন্দ্ৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল এই দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত ৰোগী সকলক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল কনিষ্টবল দুজন ।

মহাৰাষ্ট্ৰত বৰ্তমানলৈ ভাৰতৰ সৰ্বাধিক লোক আক্ৰান্ত হৈছে । মুঠ 2,11,987 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত । মৃত্যু হৈছে 9,026 গৰাকী লোকৰ ।

লগতে পঢ়ক :পশু খাদ্যৰ কেলেংকাৰী সন্দৰ্ভত ফকিৰগঞ্জ আৰক্ষী থানাত গোচৰ ৰুজু

ABOUT THE AUTHOR

...view details