নেশ্বনেল ডেস্ক, ১৯ জুলাই : শুকুৰবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰৰ জৰিয়তে দেশৰ জনসাধাৰণলৈ এক বিশেষ আহ্বান জনাইছে । প্ৰচলিত নিয়ম অনুসৰি স্বাধীনতা দিৱসৰ দিনা দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে ৰাজধানী নতুন দিল্লীৰ লালকিল্লাত সমগ্ৰ দেশবাসীক সম্বোধন কৰি বক্তৃতা প্ৰদান কৰে । সেয়েহে আগন্তুক স্বাধীনতা দিৱসত প্ৰদান কৰিবলগীয়া বক্তৃতাত উল্লেখ কৰিবলগীয়া মুখ্য বিষয়বোৰ সম্পৰ্কত পৰামৰ্শ প্ৰদান কৰিবলৈ সকলোলৈ আহ্বান জনায় তেওঁ । এক টুইটৰ জৰিয়তে মোডীয়ে জনাই যে, ১৫ আগষ্টত লালকিল্লাৰ মজিয়াত প্ৰদান কৰিবলগীয়া ভাষণ সম্পৰ্কত সকলোৰে মূল্যৱান চিন্তাধাৰাবোৰ প্ৰেৰণ কৰা উচিত । ১৩০ কোটি জনতাই শুনিব পৰাকৈ সকলোকে নিজৰ মন্তব্য প্ৰকাশ কৰিবলৈ আহ্বান জনাই মোডীয়ে । তেওঁৰ এই টুইটতে নমো (NaMo) নামৰ এপৰ জৰিয়তে এই পৰামৰ্শ প্ৰদান কৰিবলৈ আহ্বান জনায় ।
স্বাধীনতা দিৱসৰ পূৰ্বে মোডীৰ বিশেষ পদক্ষেপ - আহ্বান
স্বাধীনতা দিৱসৰ পূৰ্বে দেশৰ জনতালৈ এক বিশেষ আহ্বান জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেওঁৰ স্বাধীনতা দিৱসৰ বক্তৃতা সম্পৰ্কত তেওঁলৈ পৰামৰ্শ প্ৰেৰণৰ আহ্বান জনাইছে মোডীয়ে ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী
উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে ৭২ সংখ্যক স্বাধীনতা দিৱসত ষষ্ঠ বাৰৰ বাবে নতুন দিল্লীৰ লালকিল্লাত দেশৰ ৰাইজক সম্বোধন কৰিব । প্ৰধানমন্ত্ৰী গৰাকীয়ে এই বিশেষ পদক্ষেপটো যোৱা বছৰৰ স্বাধীনতা দিৱসতো গ্ৰহণ কৰিছিল ।