অসম

assam

By

Published : Dec 19, 2020, 1:17 PM IST

ETV Bharat / bharat

তৃণমূল কংগ্ৰেছৰ বিধায়িকা বনশ্ৰী মৈটিৰ তৃণমূল কংগ্ৰেছ ত্যাগ

তৃণমূল কংগ্ৰেছৰ বিধায়িকা বনশ্ৰী মৈটিৰ তৃণমূল কংগ্ৰেছৰ পৰা পদত্যাগ । মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ই-মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ মৈটিৰ ।

MLA Banasri Maity quits TMC
তৃণমূল কংগ্ৰেছৰ বিধায়িকা বনশ্ৰী মৈটি

নেশ্যনেল ডেস্ক, ১৯ ডিচেম্বৰ: দুবাৰকৈ পশ্চিমবংগৰ উত্তৰ সমষ্টি কান্থীৰ তৃণমূল কংগ্ৰেছৰ বিধায়িকাৰূপে পদ অধিষ্ঠিত কৰা বনশ্ৰী মৈটিয়ে শুকুৰবাৰে দলৰ পৰা পদত্যাগ কৰে । পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক এক ই-মেইলযোগে পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মৈটিয়ে । পদত্যাগ পত্ৰত মৈটিয়ে উল্লেখ কৰিছে, "মই অখিল ভাৰতীয় তৃণমূল কংগ্ৰেছৰ প্ৰাথমিক সদস্যতাৰ লগতে দলৰ তৰফৰ পৰা মোলৈ দিয়া সকলো কাম-কাজ ত্যাগ কৰিছো ।"

উল্লেখযোগ্য যে, পূৱ মিদনাপুৰৰ প্ৰাক্তন প্ৰভাৱশালী জ্যেষ্ঠ টিএমচি নেতা সুভেন্দু অধিকাৰীয়ে দলৰ পৰা পদত্যাগ লোৱাৰ পাচতে অন্য নেতাসকলেও পদত্যাগ কৰে । বেৰকপুৰৰ বিধায়ক চিলভদ্ৰ দত্ত আৰু প্ৰাক্তন মন্ত্ৰী শ্যামাপ্ৰসাদ মুখাৰ্জীয়েও শুকুৰবাৰে দল ত্যাগ কৰে। সদ্য পদত্যাগী বিধায়িকা মৈটিৰ লগতে চিলভদ্ৰ দত্ত আৰু শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰাৰ সন্দেহ প্ৰকাশ কৰা হৈছে ।

শনিবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মিদনাপুৰত এক ৰাজহুৱা ৰেলীত অংশগ্ৰহণ কৰিব আৰু ইয়াতে তৃণমূল কংগ্রেছৰ সদ্য পদত্যাগী নেতাকেইজনে বিজেপি দলত যোগদান কৰাৰ সম্ভাৱনা আছে । এপ্ৰিল-মে' মাহত অনুষ্ঠিত হ'বলগীয়া পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ই এক মোক্ষম আঘাত বুলিব পাৰি ৷

লগতে পঢ়ক:দুদিনীয়া কাৰ্যসূচীৰে কলকাতাত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ABOUT THE AUTHOR

...view details