অসম

assam

By

Published : Mar 22, 2019, 1:38 PM IST

ETV Bharat / bharat

মিজোৰামত পুনৰ নিষিদ্ধ হ'ল সুৰা

মিজোৰামক ইয়াৰ পূৰ্বেও  1997 চনৰ পৰা 2015 চনলৈ ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল ৷ কিন্তু কংগ্ৰেছ চৰকাৰে প্ৰত্যাহাৰ কৰিছিল এই নিষেধাজ্ঞা ৷

Mizoram

আইজল, 22 মাৰ্চ : মিজোৰাম বিধান সভাত গৃহীত হ'ল সুৰা নিষেধাজ্ঞা বিধেয়ক৷ বিধেয়ক অনুসৰি পহিলা এপ্ৰিলৰ পৰা ৰাজ্যখনত নিষিদ্ধ হ'ব সুৰাৰ প্ৰস্তুত আৰু বিক্ৰী ৷

নিৰ্বাচনী প্ৰতিশ্ৰুতি অনুসৰিয়ে শাসনাধিষ্ঠিত মিজো নেশ্বনেল ফ্ৰণ্টে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ৰাজ্যখনৰআবকাৰী মন্ত্ৰী কে বেইচুৱাই বুধবাৰে বিধান সভাত বিধেয়কখন দাখিল কৰি কয় যে সুৰাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞাই ৰাজ্যখনৰ জনসাধাৰণৰ জনজীৱন উন্নত কৰাত সহায় কৰিব ৷ সুৰাপানৰ ফলত সংঘটিত দুৰ্ঘটনাৰ সংখ্যাও ৰাজ্যখনত বৃদ্ধি পাইছে বুলি তেওঁ প্ৰকাশ কৰে ৷ বিধানসভাত সৰ্বসন্মতিক্ৰমে গৃহীত হয় বিধেয়কখন ৷
মিজোৰামক ইয়াৰ পূৰ্বেও 1997 চনৰ পৰা 2015চনলৈ ড্ৰাই ষ্টেট হিচাপে ঘোষণা কৰা হৈছিল ৷ কিন্তু কংগ্ৰেছ চৰকাৰে প্ৰত্যাহাৰ কৰিছিল এই নিষেধাজ্ঞা ৷ নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সমৰ্থনত কংগ্ৰেছ চৰকাৰে প্ৰকাশ কৰিছিল যে নিষেধাজ্ঞা প্ৰত্যাহাৰে ৰাজহ বৃদ্ধি কৰাৰ লগতে ভেজাল সুৰাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা হ্ৰাস কৰিব ৷ আনহাতে নিৰ্বাচনৰ সময়ৰে পৰা মিজো নেশ্বনেল ফ্ৰণ্টে ৰাজ্যখনত সুৰা নিষিদ্ধ কৰাৰ পক্ষতমাত মাতি আহিছিল ৷

ABOUT THE AUTHOR

...view details