নেল্ল'ৰ, 2 জুন : অন্ধ্ৰ প্ৰদেশৰ নেল্ল'ৰত সংঘটিত হৈছে এক নাৰকীয় হত্যাকাণ্ড । জীৱন্তে এগৰাকী পত্নীক মাটিত পুতিলে স্বামীয়ে । জানিবলৈ পোৱা অনুসৰি, ঘৰুৱা কন্দলৰ বাবেই প্ৰথমে লাঠিৰে মহিলাগৰাকীক প্ৰহাৰ কৰি হত্যাৰ চেষ্টা চলাই পিচত জীৱন্তে পত্নীক মাটিত পুতি পলায়ন কৰে স্বামীয়ে । নেল্ল'ৰ জিলাৰ গটলাপালেম গাঁৱত সংঘটিত হৈছে এই চাঞ্চল্য়কৰ ঘটনাটো ।
আৰক্ষীৰ মতে, 37 বছৰীয়া পন্নুৰু সুভাষিণী তাইৰ তৃতীয় স্বামী বুদাবুক্কালা স্বমুলুৰ (30) ৰ সৈতে বাস কৰি আছিল । দুয়ো দম্পতীয়ে যোৱা 27 মে'ত একেলগে সুৰাপান কৰাৰ পাচতেই ঘৰুৱা কিবা কথাত দুয়োৰে মাজত কাজিয়াৰ সূত্ৰপাত হয় । পিচত পত্নীক লাঠিৰে প্ৰহাৰ কৰাত অচেতন হৈ সুভাষিণী ঢলি পৰে বুলি কডাভালুৰু আৰক্ষী থানাৰ উপ পৰিদৰ্শকে জানিবলৈ দিয়ে ।