নিউজ ডেস্ক, 13 জুনঃশুকুৰবাৰে নিশা তামিলনাডুৰ তিৰপুৰ জিলাৰ পাল্লাগাউণ্ডেপালায়ম নামৰ পুখুৰীৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা 8 বছৰীয়া শিশুৰ মৃতদেহ ৷ উদ্ধাৰকৃত মৃতদেহটো জিলাখনৰ সুমথি আৰু থংগাৰাজৰ সৰু পুত্ৰ পাভানচৰ বুলি চিনাক্ত কৰা হৈছে ৷
ঘটনা সন্দৰ্ভত পোৱা তথ্য অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়ালৈ বিদ্যালয়ৰ পৰা ঘৰলৈ উভতা নাছিল পাভানচ ৷ ফলত পিতৃ-মাতৃয়ে পাভানচৰ নিৰুদ্দেশ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীয়ে ঘটনাৰ অনুসন্ধান কৰি পাভানচৰ মৃতদেহ পাল্লাগাউণ্ডেপালায়ম পুখুৰীৰ পৰা উদ্ধাৰ কৰে ৷ ডিঙিত আঘাটৰ চিন স্পষ্ট হৈ আছিল 8 বছৰীয়া পাভানচৰ ৷