নিউজ ডেস্ক, ১২ জুনঃ ৰাজধানী দিল্লীত বৃদ্ধি কৰা নহয় লক ডাউন। কেৱল কোভিড-১৯ৰ সংক্ৰমণ ৰোধৰ কাৰণে সাৱধানতা অৱলম্বনৰ বাবেহে অব্যাহত থাকিব লক ডাউন। দিল্লীৰ স্বাস্থ্য মন্ত্ৰী সৈতেন্দ্ৰ জৈনে প্ৰকাশ কৰে ই কথা।
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি ৰাজধানী চহৰখনত ৩৪০০০ অতিক্ৰম কৰিছে কোভিড-১৯ আক্ৰান্ত লোকৰ সংখ্যাই । আনহাতে,এই মহামাৰীত মৃত্যুমুখত পৰিছে ১,০৮৫ গৰাকী ৰোগী।