অসম

assam

ৰাজনৈতিক অশান্তি : জ্যেষ্ঠ নেতৃত্বৰে মিলিত হ'ব মুখ্যমন্ত্ৰী কমল নাথ

By

Published : Mar 9, 2020, 8:15 PM IST

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰে মিলিত হোৱাৰ উদ্দেশ্যে দিল্লীলৈ ৰাওনা মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ ৷ ৰাজনৈতিক অশান্তিৰ মাজতে ৰাজ্যসভাৰ প্ৰাৰ্থী বাছনি সম্পৰ্কে আলোচনা কৰিবলৈ দিল্লী ভ্ৰমণ নাথৰ ৷

মধ্য প্ৰদেশৰ ৰাজনৈতিক অশান্তি
মুখ্যমন্ত্ৰী কমল নাথ

নেশ্যনেল ডেস্ক, 9 মাৰ্চ :মধ্য প্ৰদেশত উদ্ভৱ হোৱা শেহতীয়া ৰাজনৈতিক অশান্তিৰ মাজতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতৃত্বৰে মিলিত হোৱাৰ উদ্দেশ্যে নতুন দিল্লীলৈ ৰাওনা হৈছে মুখ্যমন্ত্ৰী কমল নাথ ৷ মুখ্যমন্ত্ৰীগৰাকীৰ দুদিনীয়া ৰাজধানী দিল্লী ভ্ৰমণৰ সময়ছোৱাত আগন্তুক ৰাজ্যসভা নিৰ্বাচনৰ দলীয় প্ৰাৰ্থী বাছনি সম্পৰ্কে আলোচনা কৰিব বুলি অনুমান কৰা হৈছে ৷

জ্যেষ্ঠ নেতৃত্বৰে মিলিত হ'ব মুখ্যমন্ত্ৰী কমল নাথ

উল্লেখ্য যে, ৰাজ্যসভাৰ তিনিখনকৈ খালী আসন পূৰ কৰাৰ বাবে 26 মাৰ্চত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 13 মাৰ্চত মনোনয়ন দাখিল কৰাৰ অন্তিম দিন ধাৰ্য কৰা হৈছে ৷ এই তিনি আসনৰ দুখনতে কংগ্ৰেছে জয়ী হোৱাৰ সম্ভাৱনা আছে যিহেতু প্ৰাক্তন মুখ্যমন্ত্ৰী দ্বিগ্বিজয় সিং আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই দুখন আসনত প্ৰতিদ্বন্দিতা কৰিব ৷

উল্লেখ্য যে, মধ্য প্ৰদেশত 17 জনকৈ কংগ্ৰেছ বিধায়ক নিৰুদ্দেশ অৱস্থাত আছে ৷ ইয়াৰ ফলত মধ্য প্ৰদেশত কংগ্ৰেছ দলৰ ৰাজনৈতিক সংকটে দেখা দিছে ৷

আৰু পঢ়ক :জম্মু-কাশ্মীৰৰ ৰাজনৈতিক নেতাৰ মুক্তিৰ দাবী বিৰোধী দলৰ

ABOUT THE AUTHOR

...view details