নতুন দিল্লী, 20 জুনঃ বাণিজ্যিক খননৰ বাবে কয়লা ব্ল'কৰ নিলাম কৰা কেন্দ্ৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰাস্থ ঝাৰখণ্ডৰ ৰাজ্য় চৰকাৰ ।
এই সন্দৰ্ভত ঝাৰখণ্ডৰ বিচাৰাধ্যক্ষ ৰাজীৱ ৰঞ্জনে কৈছে যে, কেন্দ্ৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে শুকুৰবাৰে উচ্চতম ন্য়ায়ালয়ত এক ৰিট্ আবেদন দাখিল কৰিছে । এই আবেদনত কোৱা হৈছে কয়লা ব্ল'ক য'ত ঝাৰখণ্ডৰ বহু কেইটা অন্তৰ্ভুক্ত হৈ আছে এই নিলামৰ সিদ্ধান্তৰ দ্বাৰা ৰাজ্য়ত হৈ থকা COVID-১৯ মহামাৰীত ইয়াৰ দ্বাৰা একো উপকৃত নহয় । ইয়াৰ বিপৰীতে ৰাজ্য়খনৰ লোকচানৰ হে সন্মুখীন হ'ব । কাৰণ বৰ্তমান সময়ত উচিত বজাৰ মূল্য় লাভ নকৰিব বুলিও কয় ৰঞ্জনে । আনহাতে বিশাল জনগোষ্ঠী আৰু বনাঞ্চলৰ বিৰূপ প্ৰভাৱ সম্পৰ্কত সঠিক মূল্য়ায়ণ কৰা হোৱা নাই লগতে সিদ্ধান্তৰ সমস্ত দিশ চালি জাৰি চাবলৈ বিশদ গৱেষণাৰ প্ৰয়োজন বুলিও উল্লেখ কৰা হয় আবেদনখনত ।
এই সপ্তাহৰ আৰম্ভণিতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাণিজ্যিক খননৰ বাবে 41 টাকৈ কয়লা খনি নিলামৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল । লগতে আমদানি হ্ৰাস কৰি ভাৰতক শক্তিৰ ক্ষেত্ৰত স্ব-নিৰ্ভৰশীল হোৱাৰো আহ্বান জনাইছিল ।