নিউজ ডেস্ক, 31 মাৰ্চঃ জম্মু কাশ্মীৰত পুনৰবাৰ যুদ্ধবিৰতি চুক্তি উলংঘনপাকিস্তানী সেনাৰ ৷ দেওবাৰে ৰাজ্যখনৰ ৰাজৌৰি জিলাৰ নৌশেৰা ছেক্টৰত ভাৰতীয় সেনাৰ নিৰীক্ষণ চকীৰ ওপৰত মৰ্টাৰেৰে আক্ৰমণ চলায় পাকিস্তানী সেনাই ৷
নিয়ন্ত্ৰণৰেখাত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ
দেওবাৰে পুনৰবাৰ নিয়ন্ত্ৰণৰেখাৰ নৌশেৰা ছেক্টৰত পাকিস্তানী সেনাই যুদ্ধবিৰতি চুক্তি উলংঘন কৰি ভাৰতীয় সেনাৰ ওপৰত গুলীচালনা অব্যাহত ৰাখিছে ৷
যুদ্ধবিৰতি উলংঘণ
ভাৰতীয় সেনাৰ তৰফৰ পৰাও পাকিস্তানৰ এই কাৰ্যৰ যথোপযুক্ত প্ৰত্যুত্তৰ প্ৰদান কৰা হৈছে বুলি সেনাৰ তৰফৰ পৰা প্ৰকাশ কৰিছে ৷ আনহাতে পাকিস্তানৰ তৰফৰ পৰা হোৱা গুলীচালনাত কোনো লোক তথা সেনাবাহিনীৰ জোৱান হতাহত হোৱা নাই ৷