ইন্টাৰনেশ্যনেল ডেস্ক, 31 মাৰ্চ: বিশ্বব্যাপী অব্যাহত আছে কৰ'ণা ভাইৰাছৰ ত্ৰাস ৷ এই মাৰাত্মক ভাইৰাছৰ ফলত সৰ্বাধিক লোকৰ মৃত্যু হৈছে ইটালীত ৷ অন্যহাতে ইটালীত দ্ৰুত গতিত বৃদ্ধি পাইছে আক্ৰান্ত হোৱা লোকৰ সংখ্যাও ৷ সোমবাৰে ইটালীৰ প্ৰধানমন্ত্ৰীয়ে ইটালীত 11,591 গৰাকী লোকৰ প্ৰাণ লোৱা কৰ'ণা ভাইৰাছক ৰোধ কৰিবলৈ লক ডাউনৰ ম্যাদ এপ্ৰিল মাহৰ মাজ ভাগলৈ বঢ়াই দিয়া হ'ব বুলি কয় ৷
যাৰ পাছতেই ইটালীয়ে কৰ'ণা মহামাৰীৰ প্ৰকোপৰ ফলত ৰাষ্ট্ৰজুৰি লক ডাউনৰ ম্যাদ বঢ়াই দিয়া হৈছে ৷ ইটালীত 10 মাৰ্চৰ পৰা আৰম্ভ হোৱা দেশজোৰা লক ডাউন 12 এপ্ৰিললৈকে ম্যাদ বঢ়াই দিয়াৰ সিদ্ধান্ত লোৱা হয় ৷ ইটালীৰ শীৰ্ষ স্বাস্থ্য বিষয়াই সোমবাৰে এই কথা সদৰি কৰে ৷ ইটালীৰ স্বাস্থ্যমন্ত্ৰী ৰবাৰ্টো স্পিৰাঞ্জাই সোমবাৰে সংবাদকৰ্মী সকলৰ আগত কয় যে,এই নিৰ্ণয় সোমবাৰে চৰকাৰৰ উচ্চস্তৰীয় প্ৰযুক্তি আৰু বৈজ্ঞানিক সমিতিৰ বৈঠকত লোৱা হয় ৷