নেশ্যনেল ডেস্ক, 10 এপ্ৰিল : ভাৰতত লকডাউনৰ অন্ত আৰু ব্যৱসায়িক বিমানৰ চলাচল আৰম্ভ হোৱাৰ লগে লগে ইণ্ডিগ'য়ে সঘনে বিমানসমূহ পৰিস্কাৰ কৰি ৰখাৰ লগতে কিছু সময়ৰ বাবে খাদ্য সেৱা স্থগিত ৰাখিব বুলি ঘোষণা কৰিছে ৷ ইয়াৰোপৰি, এয়াৰপৰ্ট বাছসমূহৰ কেৱল 50 শতাংশ আসনহে ভৰ্তি কৰা হ'ব বুলি শুকুৰবাৰে মন্তব্য আগবঢ়াইছে ইণ্ডিগ'ৰ মুখ্য কাৰ্যবাহী বিষয়া ৰণজয় দত্তই ৷
তেওঁ কয়, "এনে পৰিস্থিতিত সকলো ব্যৱসায়িক প্ৰতিষ্ঠানে শ্ৰীবৃদ্ধি আৰু লাভালাভ কৰিবলৈ অসমৰ্থ হৈ পৰিছে ৷ সেয়েহে, আমাৰ খৰছসমূহ বিচাৰি উলিয়াই এইবোৰ হ্ৰাস কৰাৰ চেষ্টা কৰিছো ৷"