নিউজ ডেস্ক, 2 ছেপ্টেম্বৰ :জৰুৰীকালীন সামৰিক প্ৰত্যাহ্বানৰ মুখামুখি আৰু দুয়োপক্ষৰ সেনাৰ মাজৰ কাৰ্যনীতি সুচল কৰিবলৈ অহা 4 আৰু 5 ছেপ্টেম্বৰত ভাৰতীয় আৰু ৰাছিয়ান নৌ-সেনাই এক সামৰিক অনুশীলনত অংশগ্ৰহণ কৰিব ৷ ভাৰত আৰু ৰাছিয়াৰ যুটীয়া সামৰিক অনুশীলন ইন্দ্ৰাৰ নৌ-সামৰিক অনুশীলনৰ অংশস্বৰূপে দুয়োখন দেশৰ নৌ-সেনাই বেং অৱ বেংগলত এইদৰে সামৰিক অনুশীলনত মিলিত হ'ব ৷ এই অনুশীলনত সামৰিক নৌ-বন্দুক গুলিচালনা, পৃষ্ঠ আৰু আকাশী লক্ষ্যভেদ, তালাচী আৰু সাগৰ অধিগ্ৰহণ আদি দিশত যুটীয়াভাৱে অনুশীলন কৰিব দুয়োখন দেশৰ নৌ-সেনাই ৷
শেহতীয়াকৈ ভাৰত-চীনৰ মাজত পূব লাডাখত চলি থকা সংঘৰ্ষৰ মাজতে ভাৰত মহাসাগৰ অঞ্চলত ভাৰতীয় নৌ-সেনাই ইয়াৰ উপস্থিতি ব্যাপকভাৱে বৃদ্ধি কৰিছে ৷ এইটো অঞ্চলত ছাবমেৰিণকে ধৰি অধিক সংখ্যক যুদ্ধজাহাজ নিয়োগ কৰিছে ভাৰতীয় নৌ-সেনাই ৷ বিগত জুলাইত ভাৰতীয় নৌ-সেনাই আমেৰিকাৰ নৌ-সেনাৰ কেৰিয়াৰ ষ্ট্ৰাইক গ্ৰুপৰ পাৰমানৱিক ক্ষমতাসম্পন্ন দুখনকৈ বিমান পৰিৱহনকাৰী যুদ্ধজাহাজৰ সৈতেও অনুশীলনত অংশগ্ৰহণ কৰিছিল ৷ জুন মাহত একেধৰণৰ অনুশীলনত জাপানৰ নৌ-সেনাৰ সৈতে মিলিত হৈছিল ভাৰতীয় নৌ-সেনা ৷
লগতে পঢ়ক :দ্বিতীয়বাৰলৈ ৰাছিয়া ভ্ৰমণত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং