অসম

assam

ETV Bharat / bharat

দূৰ্গম অঞ্চলৰ লোকৰ বাবে ভাৰতীয় বায়ুসেনাৰ বিশেষ উদ্ভাৱন

কোভিড-19ৰ বিৰুদ্ধে যুঁজখনত অনবদ্য বৰঙনি যোগাইছে ভাৰতীয় বায়ু সেনাই ৷ ইতিমধ্যে বায়ুসেনাই নিৰ্মাণ কৰি উলিয়াইছে এক বিশেষ জৰুৰীকালীন উদ্ধাৰকাৰী সঁজুলি ৷ যাৰ সহায়ত অতিকে দূৰ্গম অঞ্চলত থকা লোকসকলক সহজেই চিকিৎসালয়লৈ কঢ়িয়াই নিয়াত সহায় হ'ব ৷

দূৰ্গম অঞ্চলৰ লোকৰ বাবে ভাৰতীয় বায়ুসেনাৰ বিশেষ উদ্ভাৱন
দূৰ্গম অঞ্চলৰ লোকৰ বাবে ভাৰতীয় বায়ুসেনাৰ বিশেষ উদ্ভাৱন

By

Published : Jun 9, 2020, 3:54 PM IST

তেজপুৰ, 9 জুন :ভাৰতীয় বায়ুসেনা বাহিনীয়ে কোভিড-19 মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ নিজাৱবীয়াকৈ সাজি উলিয়াইছে এবিধ বিশেষ সঁজুলি ৷ Airborne Rescue Pod for Isolated Transportation (ARPIT) চমুকৈ অৰ্পিত নামেৰে তৈয়াৰ কৰি উলিওৱা এই সঁজুলিবিধ অতিশয় দূৰ্গম অঞ্চলৰ লগতে পাহাৰীয়া উচ্চতাত বসবাস কৰা লোকসকলৰ উদ্ধাৰ কাৰ্যত ব্যৱহৃত হ'ব বুলি জনাইছে ভাৰতীয় বায়ু সেনাই ৷

বায়ুসেনাই তৈয়াৰ কৰি উলিওৱা অৰ্পিত

কোভিড-19ক মহামাৰী হিচাপে ঘোষণা কৰাৰ সময়তে ভাৰতীয় বায়ুসেনাই উদ্ধাৰকাৰ্যত ব্যৱহাৰ কৰিবলৈ এবিধ বিশেষ সঁজুলিৰ বাবে প্ৰচেষ্টা হাতত লৈছিল ৷ আকাশী পথেৰে সম্পন্ন কৰা উদ্ধাৰকাৰ্যত এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ৰোগীৰ পৰা যাতে বায়ুসেনা আৰু স্বাস্থ্যকৰ্মীসকলৰ দেহলৈ মাৰাত্মক ভাইৰাছ সংক্ৰমণ নঘটে তাৰ বাবে ঘৰুৱা প্ৰযুক্তিৰে তৈয়াৰী সঁজুলিৰ সহায় অনুভৱ কৰিছিল বায়ুসেনাই ৷ পৰৱৰ্তী সময়ত ইয়াৰ বাবে ভাৰতীয় বায়ুসেনাৰ চাউনী 3 BRD AFত প্ৰথমটো আৰ্হি প্ৰস্তুত কৰা হৈছিল আৰু ইয়াক উন্নত কৰি থকা হৈছে ৷

বিমানৰ ভিতৰত অৰ্পিত

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আত্মনিৰ্ভৰ ভাৰত অভিযানৰ অংশস্বৰূপে ভাৰতীয় বায়ুসেনাই থলুৱা সামগ্ৰীৰে এই বিশেষ সঁজুলিবিধ তৈয়াৰ কৰিছে ৷ থলুৱা প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ ফলত এই সঁজুলিবিধৰ নিৰ্মাণত খৰচ হৈছে মাত্ৰ 60 হাজাৰ টকা, যিটো বিদেশৰ পৰা ৰপ্তানি কৰা সামগ্ৰীৰ 60 লাখ টকাৰ তুলনাত তেনেই নগণ্য ৷

বায়ুসেনাৰ চিনুক হেলিকপ্টাৰৰ সৈতে অৰ্পিত

আকাশীযাত্ৰাৰ বাবে প্ৰমাণিত অতিশয় কম ওজনৰ সামগ্ৰীৰ দ্বাৰা এই সঁজুলিবিধ তৈয়াৰ কৰি উলিওৱা হৈছে ৷ সঁজুলিবিধ এইদৰে তৈয়াৰ কৰা হৈছে যাৰ দ্বাৰা ইয়াৰ ভিতৰত থকা ব্যক্তি অথবা ৰোগীগৰাকীক বাহিৰৰ পৰাই নিৰীক্ষণ কৰিব পৰা যায় ৷ ইয়াত বায়ু প্ৰদানকাৰী, স্বাস্থ্যগত নিৰীক্ষণ আৰু ভেন্টিলেটৰ সংলগ্ন কৰা হৈছে ৷ ইয়াৰ উপৰিও সঁজুলিবিধৰ ভিতৰত নিগেটিভ এয়াৰ প্ৰেছাৰ ৰখা হৈছে যাৰ দ্বাৰা বিমানকৰ্মী আৰু স্বাস্থ্যকৰ্মীৰ দেহলৈ মাৰাত্মক ভাইৰাছ সংক্ৰমিত হোৱাৰ সম্ভাৱনা নাথাকে ৷

বিমানবন্দৰত ব্য়ৱহৃত অৱস্থাত অৰ্পিত

'অৰ্পিত'ত High Efficiency Particulate Air (HEPA) চমুকৈ হেপা নামৰ এইচ-13 শ্ৰেণীৰ ফিল্টাৰ আৰু সহায়কাৰী ভেন্টিলেশ্বন ব্যৱহাৰ কৰা হৈছে ৷ সঁজুলিবিধৰ সমগ্ৰ প্ৰণালীটোত জীৱন-সহায়কাৰী আৰু নিৰীক্ষণকাৰী সঁজুলি (defibrillator with multipara monitor, pulse oximeter, Infusion pumps etc), হাতদীঘল মোজা আৰু উচ্চক্ষমতাসম্পন্ন শক্তি ব্যৱহাৰ কৰা হৈছে ৷ সমগ্ৰ সঁজুলিবিধ তৈয়াৰ কৰি উলিয়াওতে স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়, ৰাষ্ট্ৰীয় যোগ্যতা নিৰ্ধাৰণকাৰী (স্বাস্থ্য আৰু চিকিৎসালয়) বোৰ্ডৰ লগতে আমেৰিকাৰ চেন্টাৰ ফৰ ডিজিচ কন্ট্ৰলৰ নিৰ্দেশনাসমূহ পালন কৰা হৈছে ৷ ভাৰতীয় বায়ুসেনাই সদ্যহাতে 7টা এনেকুৱা 'অৰ্পিত' কামত ব্যৱহাৰ কৰিছে ৷

লগতে পঢ়কঃবাঘজান তৈলক্ষেত্ৰত ভয়ংকৰ অগ্নিকাণ্ড

ABOUT THE AUTHOR

...view details