অসম

assam

By

Published : Aug 29, 2020, 4:45 PM IST

ETV Bharat / bharat

ভৱিষ্যতৰ বিশ্ব ৰাজনৈতিক গাঁথনিত ভাৰতে নেতৃত্ব প্ৰদান কৰিব

কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে, ভাৰতে ভৱিষ্যতৰ বিশ্ব ৰাজনীতিৰ গাঁথনিগত দিশত সন্মুখৰ পৰা নেতৃত্ব দিব ৷ দুৰ্যোগ ব্যৱস্থাপনা আৰু জৰুৰীকালীন আপাত নিয়ন্ত্ৰণত ভাৰতে ভৱিষ্যতে বিশ্বক নেতৃত্ব প্ৰদান কৰিব বুলি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ৷

India to play leading role in future global political framework: MoS Home
ভৱিষ্যতৰ বিশ্ব ৰাজনৈতিক গাঁথনিত ভাৰতে নেতৃত্ব প্ৰদান কৰিব

নিউজ ডেস্ক, 29 আগষ্ট :অৰ্থনীতি আৰু দুৰ্যোগ ব্যৱস্থাপনা তথা জৰুৰীকালীন আপাত নিয়ন্ত্ৰণৰ ক্ষেত্ৰত ভাৰতে ভৱিষ্যতে বিশ্বক নেতৃত্ব প্ৰদান কৰিব ৷ শনিবাৰে এই মন্তব্য কৰে কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ে ৷

ভাৰতৰ বিজ্ঞান আৰু প্ৰযুক্তিগত সক্ষমতাৰ ওপৰত বিশ্বাস প্ৰকাশ কৰি এই মন্তব্য কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে ৷ তেওঁৰ মতে বিজ্ঞান প্ৰযুক্তিৰ উদ্দেশ্য হৈছে দেশৰ প্ৰতিগৰাকী ব্যক্তিলৈ যোগাযোগ ব্যৱস্থাৰে সংযুক্ত হোৱা ৷ জৰুৰীকালীন আপাত নিয়ন্ত্ৰণক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দহ দফীয়া লক্ষ্যক অধিক গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰে তেওঁ আৰু ইয়ে দেশৰ যোগাযোগ ব্যৱস্থাক অধিক স্বচ্ছল কৰি তুলিব বুলি মতপ্ৰকাশ কৰে ৷

ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান (NIDM) আৰু কেন্দ্ৰীয় বিজ্ঞান প্ৰযুক্তি বিভাগ (DST)ৰ দ্বাৰা আয়োজিত তিনিদিনীয়া আন্তঃৰাষ্ট্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি সন্মিলনত সভাপতিত্ব কৰি এই মন্তব্য কৰে নিত্যানন্দ ৰায়ে ৷ ভিডিঅ' কনফাৰেন্সিঙৰ দ্বাৰা এই সন্মিলনত অংশগ্ৰহণ কৰা ৰায়ে কয় যে, এই সন্মিলনৰ পৰা পোৱা সমাধানসমূহ আহিবলগীয়া সময়ত কাৰ্যকৰী হৈ পৰিব ৷ যাৰ ফলত অৰ্থনীতি আৰু বিজ্ঞান-প্ৰযুক্তিৰ খণ্ডত ভৱিষ্যতৰ বিশ্ব ৰাজনৈতিক দিশটোত ভাৰতে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰিব ৷

অনুষ্ঠানত বিশ্বৰ প্ৰায় 10খন দেশৰ প্ৰযুক্তিখণ্ডৰ বিভিন্ন বিশেষজ্ঞ, চৰকাৰী বিষয়া, নীতি প্ৰস্তুতকৰ্তা আৰু অন্যান্য গৱেষকসকলে অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক :লোকসভাৰ সচিব হিচাপে নিযুক্ত প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া উৎপল কুমাৰ সিং

ABOUT THE AUTHOR

...view details