অসম

assam

By

Published : Feb 7, 2020, 2:35 PM IST

Updated : Feb 8, 2020, 5:46 AM IST

ETV Bharat / bharat

অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভুলকৈ অংকিত কৰা হৈছে মানচিত্ৰঃ সাংসদ তাপিৰ গাৱ

এই সময়খিনি ভাৰতীয় মানচিত্ৰখন পুনৰ অংকনৰ বাবে উপযুক্ত সময় বুলি উল্লেখ কৰে বিজেপি সাংসদ তাপিৰ গাৱয়ে ৷ তেওঁ অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকা জিলা আৰু অনজাও জিলাৰ বিবাদিত অংশক সমাধা কৰি মানচিত্ৰখন পুনৰ অংকনৰ বাবে উল্লেখ কৰে ৷ বুধবাৰে সংসদত এই কথা উত্থাপন কৰে সাংসদগৰাকীয়ে ৷

India map wrong in India-China border in Arunachal Pradesh, says area Lok Sabha MP
অৰুণাচলৰ ভাৰত-চীন সীমান্তত ভুলকৈ অংকিত কৰা হৈছে মানচিত্ৰ

কোনোবাই যদি ভাৰতীয় মানচিত্ৰখন অংকন কৰে তেতিয়া উত্তৰ-পূৱৰ চীন সীমান্তৰে অৰুণাচল প্ৰদেশৰ অংশখিনিক দুটা ডাঙৰ মাছৰ ফিছা সদৃশ আকৃতিৰে অংকন কৰা হয় ৷ কিন্তু লোকসভাত পূৱ অৰুণাচলৰ এজন সাংসদে এই ভাৰতীয় মানচিত্ৰ ভুল ধৰণে অংকন কৰা হৈছে বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে মাছৰ ফিছা সদৃশ অঞ্চলখিনি প্ৰকৃততে মেকমোহন লাইনৰ ভিতৰত পৰে আৰু এই অংকিত অঞ্চলখিনি ভাৰতীয় সীমাৰ বাহিৰত পৰে ৷ এইটো সম্পূৰ্ণৰূপে ভাৰতৰ ভুল বুলি তেওঁ মন্তব্য কৰে ৷

এই ক্ষেত্ৰত আমোদজনক ঘটনা এইটো যে ভাৰতীয় সেনা আৰু ইণ্ডো-তিব্বেটান বৰ্ডাৰ পুলিছ (ITBP)ৰ জোৱান তথা বৰ্ডাৰ আউট পোষ্ট (BOP) দুটা ভাগত বিভক্ত হৈ ভাৰতীয় মানচিত্ৰ অনুসৰি মেকমোহন লাইনৰ ভিতৰত নিৰাপত্তাৰক্ষী হিচাপে নিয়োগ হৈ আছে যদিও ই প্ৰকৃততে চীনৰ হাডিগ্ৰা,ডাখৰু পাছ,গালাই পাছ আৰু টাটু পাছ অঞ্চলহে ৷

বৃটিছে ভাৰত আৰু চীনা সীমান্তক মেকমোহন লাইন হিচাপে ভাগ কৰি গৈছিল ৷ বৃটিছ ইণ্ডিয়াৰ বৈদেশিক সচিব আৰ্থাৰ হেনৰী মেকমোহনৰ (1911-1914) নামেৰে এই সীমা নিৰ্ধাৰণ কৰা হৈছিল ৷ পাহৰ আৰু জলপথক সূচাই এই সীমাৰ নিৰ্ধাৰণ কৰা হৈছিল ৷ পৰৱৰ্তী সময়ত তিনিবাৰৰ পাৰস্পৰিক বুজাবুজিৰে এছিয়াৰ এই দুই মহাশক্তিয়ে নিজৰ সীমাক মেকমোহন লাইনৰ জৰিয়তে নিৰ্ধাৰণ কৰে ৷

এই সময়খিনি ভাৰতীয় মানচিত্ৰখন পুনৰ অংকনৰ বাবে উপযুক্ত সময় বুলি উল্লেখ কৰে বিজেপি সাংসদ তাপিৰ গাৱই ৷ তেওঁ অৰুণাচল প্ৰদেশৰ দিবাং উপত্যকা জিলা আৰু অনজাও জিলাৰ বিবাদিত অংশক সমাধা কৰি মেপখন পুনৰ অংকনৰ বাবে উল্লেখ কৰে ৷ বুধবাৰে সংসদ এই কথা উত্থাপন কৰে সাংসদগৰাকীয়ে ৷ তেওঁ লগতে কয় যে চীনে ইতিমধ্যেই এই দুই অংশ চীনৰ বুলি দাবী উত্থাপন কৰি আহিছে লগতে চীনৰ মেপতো ই স্পষ্টকৈ অংকন কৰা হৈছে ইয়াৰোপৰি ভাৰতৰ মানচিত্ৰতো এই কথা স্পষ্ট ৰূপত আছে ৷

যথেষ্ট সঠিকভাৱে দুই ৰেখা মাছৰ ফিছা-1 আৰু মাছৰ ফিছা-2অংকন কৰা আছে ৷ এংগি উপত্যকা মাছৰ ফিছা-1ৰ অন্তৰ্গত 102 কিঃমি জুৰি বিস্তৃত হৈ আছে আনহাতে মাছৰ ফিছা-2 পূৱ আৰু পশ্চিম অঞ্চল 150কিঃমি বিস্তৃত হৈ আছে ৷ এই পৰ্বতীয়া বিস্তৃত অঞ্চলত সেৰেঙা জনবসতিৰে মিছিমি নামৰ এটা জনজাতিয়ে সীমাৰ দুয়োপাৰে বসবাস কৰি আহিছে ৷

ভাৰত-চীন সীমান্ত সৰ্বমুঠ 4000 কিঃমি জুৰি বিস্তৃত হৈ আছে ৷ ইয়াৰে ভাৰতৰ পাঁচখন ৰাজ্য অৰুণাচল প্ৰদেশ (1,126), উত্তৰাখণ্ড (345), জম্মু আৰু কাশ্মীৰ (1597), হিমাচল প্ৰদেশ (260) আৰু চিকিম (198) চীনৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমাৰে জড়িত হৈ আছে ৷

লেখক- সঞ্জীৱ কুমাৰ বৰুৱা, নতুন দিল্লী

আৰু পঢ়কঃজম্মু-কাশ্মীৰত ইণ্টাৰনেট আৰু যোগাযোগ সেৱা বাতিল

Last Updated : Feb 8, 2020, 5:46 AM IST

ABOUT THE AUTHOR

...view details