আয়কৰৰ স্বচ্ছতাৰ বাবে নতুন আঁচনি ৰূপায়ন কৰিব প্ৰধানমন্ত্ৰীয়ে
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত প্ৰিঞ্চিপাল চীফ কমিছনাৰ আৰু আয়কৰ বিভাগৰ চীফ কমিছনাৰসকলৰ সৈতে এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ৷ আয়কৰ বিভাগক অধিক স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে প্ৰধীনমন্ত্ৰী গৰাকীয়ে মুকলি কৰিব Transparent Taxation — Honouring the Honest শীৰ্ষক এখন আঁচনি ৷ আয়কৰ বিভাগৰ শীৰ্ষ বিষয়াসকল, কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, কেন্দ্ৰীয় ৰাজ্যিক বিত্তমন্ত্ৰী অনুৰাগ ঠাকুৰৰ লগতে বৈঠকত উপস্থিত থাকিব চেম্বাৰ্চ অৱ কৰ্মাচ, ট্ৰেড এচ'ছিয়েচন, চাৰ্টাড একাউনটেণ্ট এচ'ছিয়েচন আৰু দেশৰ কেইবাগৰাকীও শীৰ্ষ পৰ্যায়ৰ কৰদাতা ৷
আজি আয়কৰ বিভাগৰ চীফ কমিছনাৰ সকলৰ সৈতে এক বৈঠকত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আগন্তুক বিধানসভা অধিবেশনৰ ৰণনীতি প্ৰস্তুত কৰিবৰ বাবে বৈঠকত মিলিত হ’ব ৰাজস্থানৰ বিজেপি বিধায়ক সকল
ৰাজস্থান বিধানসভাৰ আগন্তুক অধিবেশনত গ্ৰহণ কৰিব লগা পদক্ষেপৰ বাবে আজি দিনৰ 11 বজাত জয়পুৰৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত বৈঠকত মিলিত হ’ব ৰাজ্যখনৰ প্ৰধান বিৰোধী দল ভাৰতীয় জনতা পাৰ্টিৰ বিধায়কসকল ৷ জ্যেষ্ঠ বিজেপি নেতা তথা বিধানসভাৰ বিৰোধী দলপতি গোলাব চন্দ্ৰ কাটিৰিয়াৰ নিৰ্দেশ মৰ্মে বৈঠকত অংশগ্ৰহণ কৰিব বিধায়কসকলে ৷
আগন্তুক বিধানসভা অধিবেশনত গ্ৰহণ কৰিব লগা পদক্ষেপৰ বাবে বৈঠকত মিলিত হ’ব ৰাজস্থানৰ বিজেপি বিধায়ক সকল উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব ৰিয়া চক্ৰৱৰ্তীৰ আৱেদনৰ শুনানি
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তৰ দায়িত্ব মুম্বাই আৰক্ষীৰ পৰা পাটনা আৰক্ষীৰ হাতলৈ স্থানান্তৰ কৰা সন্দৰ্ভত অভিযুক্ত ৰিয়া চক্ৰৱৰ্তীয়ে দাখিল কৰা এখন আৱেদনৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ উল্লেখযোগ্য যে, উচ্চতম ন্যায়ালয়ত অভিনেত্ৰীগৰাকীয়ে দাখিল কৰা এই আৱেদনৰ ক্ষেত্ৰত ৰিয়া চক্ৰৱৰ্তীৰ কাষত থিয় দিছে মুম্বাই আৰক্ষীয়ে ৷ এই ঘটনাৰ তদন্তৰ বাবে CBI ৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰে মুম্বাই আৰক্ষীয়ে ৷
ৰিয়া চক্ৰৱৰ্তীয়ে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে বহুজন সমাজ পাৰ্টিৰ 6 জন বিধায়কে কংগ্ৰেছ দলত যোগদান কৰা সম্বন্ধীয় আৱেদনৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
শেহতীয়াকৈ ৰাজস্থানত বহুজন সমাজ পাৰ্টিৰ 6 জন বিধায়কে কংগ্ৰেছ দলত যোগদান কৰা সম্বন্ধীয় এখন আৱেদনৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে ৷ বিধায়ক কেইগৰাকী কংগ্ৰেছ দলৰ সৈতে যোগাযোগত অহাৰ বিৰুদ্ধে দাখিল কৰা হৈছিল এই আবেদন ৷
বহুজন সমাজ পাৰ্টিৰ 6 জন বিধায়কে কংগ্ৰেছ দলত যোগদান কৰা সম্বন্ধীয় এখন আৱেদনৰ শুনানি আজি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে লগতে পঢ়কঃবিজেপিৰ হাতত সুৰক্ষিত নহয় অসম: ৰিপুণ বৰা