নেশ্যনেল ডেস্ক, 24 জানুৱাৰী : জ্যেষ্ঠ কংগ্ৰেছ নেতা দ্বিগ্বিজয় সিঙে বৃহস্পতিবাৰে কয় যে, উচ্চতম ন্যায়ালয়ে যদি নাগৰিকত্ব সংশোধনী আইন (CAA) সাংবিধানিক বুলি মানি লয় তেন্তে সেয়া ধৰ্মনিৰপেক্ষতাৰ কফিনত অন্তিমটো গজাল হ'ব ৷
দেশৰ মুছলমান ধৰ্মাৱলম্বী লোকসকলে বৰ্তমান আতংকত দিন কটাইছে ৷ আইনখনক অসাংবিধানিক বুলি উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনোৱাৰ পাচতে ন্যায়ালয়ে ইয়াক লৈ কি সিদ্ধান্ত গ্ৰহণ কৰে সেই কথা জানিবলৈ মুছলমানসকলে অধিৰ আগ্ৰহেৰে বাট চাই আছে বুলি মন্তব্য কৰে জ্যেষ্ঠ নেতাগৰাকীয়ে ৷
ভূপালত উপস্থিত হৈ সাংবাদিকৰ আগত দ্বিগ্বিজয় সিঙে কয়, "আমাৰ দেশৰ বৃহৎ শক্তি হৈছে ভিন্নতাৰ মাজত একতা, কিন্তু ইয়াত আঘাত হানিছে প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ৷"
ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে কয়, "দ্বিগ্বিজয় সিঙক মুছলমান সমৰ্থক বুলি অভিহিত কৰা হৈছে ৷ মই হিন্দু সমৰ্থকো নহয় আৰু মুছলমান সমৰ্থকো নহয় ৷ মই ভাৰতীয়ৰ সমৰ্থক ৷"
"মুছলমানসকলে ভয়ত দিন কটাইছে...এই প্ৰক্ৰিয়া, ৰাজনৈতিক দল আৰু আৰক্ষীৰ ভূমিকাক লৈ তেওঁলোক নিৰাশ ৷ তেওঁলোকৰ বৰ্তমান একমাত্ৰ আশা হৈছে ন্যায়পালিকা ৷"
"উচ্চতম ন্যায়ালয়ে যদি মোডী-শ্বাহ চৰকাৰৰ সিদ্ধান্ত মানি লয় আৰু ইয়াক সাংবিধানিক বুলি ঘোষণা কৰে, তেন্তে এয়া ধৰ্মনিৰপেক্ষতাৰ কফিনত অন্তিমটো গজাল হ'ব ৷"