নিউজ ডেস্ক, 18 আগষ্ট :দেশৰ স্বদেশী যুদ্ধবিমানৰ দিশটোত ভাৰতীয় বায়ুসেনাই অধিক গুৰুত্ব প্ৰদান কৰিছে ৷ এনে অৱস্থাত ভাৰতীয় বায়ুসেনাই ইতিমধ্যেই লাভ কৰিছে দেশৰ ভিতৰতে নিৰ্মিত লাইট কম্বেট এয়াৰক্ৰাফ্ট চমুকৈ এলচিএ টেজাছ ৷ শেহতীয়াকৈ চীনৰ সৈতে ভাৰতৰ সম্পৰ্ক অৱনতি ঘটাৰ পিচতেই ভাৰতীয় বায়ুসেনাই সামৰিকভাৱে গুৰুত্বপূৰ্ণ দেশৰ পশ্চিম বায়ু সীমান্তৰ সুৰক্ষাৰ দিশটোত অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে ৷ চীনৰ সৈতে হোৱা বিবাদৰ পিচতেই ভাৰতীয় বায়ুসেনাই পাকিস্তান সীমান্তত নিয়োগ কৰিলে টেজাছ ৷
চৰকাৰী সূত্ৰই এই কথা প্ৰকাশ কৰিছে ৷ ফ্লায়িং ডেগাৰ্ছৰ নামেৰে খ্যাত 45 স্কোৱাড্ৰণ দক্ষিণ এয়াৰ কামাণ্ডৰ চুলুৰ বিমানঘাটিস্থিত যদিও পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখিয়ে ইয়াক পশ্চিম সীমান্তত নিয়োগ কৰা হৈছে বুলি উল্লেখ কৰে সূত্ৰই ৷