নিউজ ডেস্ক, ৯ মে' : কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ স্বাস্থ্যৰ অৱস্থাক লৈ ওলোৱা উৰাবাতৰিক নসাৎ কৰিছে গৃহমন্ত্ৰীৰ কাৰ্যালয়ে । ছচিয়েল মিডিয়াযোগে বিয়পি পৰা এই উৰাবাতৰি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়েও ।
গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জাৰী কৰা বিজ্ঞপ্তিত অমিত শ্বাহে তেওঁৰ স্বাস্থ্য়ৰ অৱস্থা সন্দৰ্ভত স্পষ্টীকৰণ দিয়ে । গৃহমন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ সম্পূৰ্ণ সুস্থ হৈ আছে আৰু কোনো ৰোগত আক্ৰান্ত হোৱা নাই ।