অসম

assam

ETV Bharat / bharat

ছোনীয়া গান্ধীক সাক্ষাৎ ঝাৰখণ্ডৰ হ'বলগীয়া মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ

কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনীয়া গান্ধীক সাক্ষাৎ ঝাৰখণ্ডৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ ৷ সভাত মিত্ৰজোঁট দলৰ সদস্যৰ সৈতে চৰকাৰ গঠন সম্বন্ধে আলোচনা কৰা হয় ৷

By

Published : Dec 25, 2019, 6:57 PM IST

ছোনীয়া গান্ধীক সাক্ষাৎ ঝাৰখণ্ডৰ হ'বলগীয়া মুখ্যমন্ত্ৰী হেমন্ত চৰেৰ
ছোনীয়া গান্ধীক সাক্ষাৎ ঝাৰখণ্ডৰ হ'বলগীয়া মুখ্যমন্ত্ৰী হেমন্ত চৰেৰ

নিউজ ডেস্ক, 25 ডিচেম্বৰ:ঝাৰখণ্ডত ঝাৰখণ্ড মুক্তি মৰ্চা, কংগ্ৰেছ আৰু আৰজিডিপি মিত্ৰজোঁটোৰ বৃহত জয়লাভ ৷ এই ঐতিহাসিক জয়লাভৰ পিচতেই জেএমএমৰ অধ্যক্ষ হেমন্ত চোৰেণে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰাৰ ৰথা পোহৰলৈ আহিছে ৷ সেয়েহে আজি কংগ্ৰেছৰ অন্তৱৰ্তীকালীন সভানেত্ৰী ছোনীয়া গান্ধীক সাক্ষাৎ কৰি তেওঁৰ শপত সমাৰোহলৈ নিমন্ত্ৰণ জনায় হেমন্ত চোৰেণে ৷ 29 ডিচেম্বৰত অনুষ্ঠিত হ'ব এই শপত সমাৰোহ ৷

কংগ্ৰেছৰ আন আন নেতাসকলকো সাক্ষাৎ কৰে ৰাজ্যখনৰ হ'বলগীয়া মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ যিহেতু কংগ্ৰেছ মিত্ৰ দল সেয়েহে চৰকাৰ গঠন সন্দৰ্ভত আলোচনাত মিলিত হয় হেমন্ত চোৰেণ ৷ আনহাতে কংগ্ৰেছে উপ-মুখ্যমন্ত্ৰী পদৰ বাবে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ৰাজেন্দ্ৰ সিং অথবা আলমজীৰ আলমৰ নাম প্ৰস্তাৱ কৰাৰ সম্বাৱনা আছে ৷

ছোনীয়া গান্ধীক সাক্ষাৎ ঝাৰখণ্ডৰ হ'বলগীয়া মুখ্যমন্ত্ৰী হেমন্ত চৰেৰ

আজি পুৱা ৰাজ্যপাল দ্ৰৌপদী মুৰমূকো সাক্ষাৎ কৰে হেমন্ত চোৰণে ৷ চৰকাৰ গঠনৰ উদ্দেশ্যে ৰাজ্যপালে ঝাৰখণ্ড মুক্তি মৰ্চাৰ নেতাসকলৰ সৈতে এক আলোচনাত মিলিত হয় ৷ অলপতে অনুষ্ঠিত হৈ যোৱা বিধানসভা নিৰ্বাচনত 81 খন আসনৰ ভিতৰত মুঠ 41 খন আসন লাভ কৰা জেএমএম-কংগ্ৰেছ-আৰজিডিপি মিত্ৰজোঁটো ঝাৰখণ্ড বিকাশ মৰ্চা প্ৰজাতান্ত্ৰিকৰো সমৰ্থন লাভ কৰে ৷

মংগলবাৰে মিত্ৰজোঁটৰ বিধায়কসকলৰ সমৰ্থনত হেমন্ত চোৰেনক মুখ্যমন্ত্ৰী পদৰ বাবে নিৰ্বাচন কৰা হয় ৷

লগতে পঢ়ক : ৰাজপথত মৃত্যুদূত : কিঞ্চিৎ অসাৱধানতাই ঘটাব পাৰে বিঘিনি

ABOUT THE AUTHOR

...view details