অসম

assam

ETV Bharat / bharat

COVID 19 ৰ চিকিৎসা প্ৰট'কলত ষ্টেৰয়দ "Dexamethasone" ব্যৱহাৰৰ অনুমতি স্বাস্থ্য মন্ত্ৰণালয়ৰ

বৰ্তমান সময়ত চলি থকা সকলো পৰীক্ষা-নিৰিক্ষাৰ ভিত্তিত তথা গৱেষকৰ সমীক্ষাৰ পৰা পোৱা ফলাফল অনুসৰি, স্বাস্থ্য মন্ত্ৰণালয়ে "Dexamethasone" ব্যৱহাৰৰ পৰামৰ্শ দিয়ে ৷

By

Published : Jun 29, 2020, 6:48 PM IST

COVID 19
COVID 19 ৰ চিকিৎসা প্ৰট'কলত ষ্টেৰয়দ "Dexamethasone" ব্যৱহাৰৰ অনুমতি স্বাস্থ্য মন্ত্ৰণালয়ৰ

নিউজ ডেস্ক, 29 জুনঃ COVID 19 ত আক্ৰান্ত ৰোগীসকল আৰু সংকটজনক অৱস্থাত থকা লোকসকলৰ চিকিৎসাৰ প্ৰট'কলত সহজলভ্য আৰু বহুল ব্যৱহৃত ষ্টেৰয়দ "Dexamethasone" ব্যৱহাৰৰ বাবে শনিবাৰে অনুমতি প্ৰদান কৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৷ কভিদ 19 ৰ চিকিৎসাৰ ক্ষেত্ৰত 'Clinical Management' য়েও "Dexamethasone" ব্যৱহাৰৰ উপদেশ দিয়ে ৷ "Dexamethasone" ক পোন প্ৰথমৰ পৰাই "anti-inflammatory" আৰু "immunosuppressive" প্ৰভাৱসমূহৰ বাবে কেবাটাও পৰিস্থিতিত ব্যৱহাৰ কৰা হয় ৷ কোভিদ-19 ৰ ভয়াৱহ পৰিস্থিতিতিসমূহত methylprednisolone ৰ বিকল্প হিচাবে "Dexamethasone" ক ব্যৱহাৰ কৰা হয় ৷

বৰ্তমান সময়ত চলি থকা সকলো পৰীক্ষা-নিৰিক্ষাৰ ভিত্তিত তথা গৱেষকৰ সমীক্ষাৰ পৰা পোৱা ফলাফল অনুসৰি, স্বাস্থ্য মন্ত্ৰণালয়ে "Dexamethasone" ব্যৱহাৰৰ পৰামৰ্শ দিয়ে ৷

লগতে পঢ়কঃ'Speak Up Against Fuel Hike' অভিযানত অংশ ল'বলৈ দেশবাসীক আহ্বান ৰাহুল গান্ধীৰ

কেন্দ্ৰীয় স্বাস্থ্য সচিব প্ৰীতি চুদেনে ইতিমধ্যে সকলো ৰাজ্য আৰু স্বায়ত্ত শাসিত ৰাজ্যসমূহলৈ নতুন প্ৰ'টকল প্ৰেৰণ কৰিছে যাতে শীঘ্ৰেই নতুন প্ৰট'কল অনুসৰি কভিদ চিকিৎসাৰ ক্ষেত্ৰত "Dexamethasone" ব্যৱহাৰ কৰা হয় ৷ স্বাস্থ্য মন্ত্ৰণালয়ে জৰুৰীকালীন অৱস্থাৰ লগতে "tocilizumab" ৰ অফ-লেবেল ব্যৱহাৰৰ বাবে 13 জুনত এন্টিভাইৰেল ড্ৰাগ ৰেমদেচিভিৰ ব্যৱহাৰৰ অনুমতি প্ৰদান কৰে ৷ "tocilizumab" য়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে ৷ কৰ'ণা ৰোগীৰ প্ৰাথমিক অৱস্থাৰ বাবে 'hydroxychloroquine' ৰ পৰামৰ্শ প্ৰদান কৰা হয় ৷ এই ঔষধবিধ 'Clinical Management Protocol য়ে COVID 19 ৰ 'investigational therapy' ৰ অধীনত অন্তৰ্ভুক্ত কৰিছে ৷

মধ্যমীয়া অৱস্থাত আক্ৰান্ত ৰোগীসকলক 48 ঘন্টাৰ ভিতৰত অথবা অক্সিজেনৰ আৱশ্যকতা বৃদ্ধি পালে তিনি দিনৰ বাবে 0.5 ৰ পৰা 1 মিলিগ্ৰাম 'methylprednisolon' অথবা 0.1 ৰ পৰা 0.2 মিলিগ্ৰাম "Dexamethasone" দিয়াৰ নিৰ্দেশ দিছে৷ প্ৰট'কল মতে, ডায়েগ্ন'ষ্টিক প্ৰতিক্ৰিয়া অনুসৰি, ঔষধ ব্যৱহাৰৰ সময়কালৰ পৰ্যালোচনা কৰা উচিত৷ ইয়াৰোপৰি যিসকল ৰোগীয়ে উশাহ-নিশাহ লোৱাত কষ্ট পায়, যিসকলক 'mechanical ventilation' ৰ দৰকাৰ সেইসকল ৰোগীক পাঁচৰ পৰা সাতৰ দিনলৈ দুটা ভাগত ভগাই লৈ একৰ পৰা দুই মিলিগ্ৰাম 'methylprednisolon' অথবা প্ৰতিদিনে 0.2 ৰ পৰা 0.4 মিলিগ্ৰাম "Dexamethasone" দিয়াৰ ওপৰত চিন্তা-চৰ্চা কৰা উচিত ৷

দেশত এই সংশোধিত প্ৰট'কল এনে সময়ত বলবৎ কৰা হৈছে যি সময়ত এদিনত সৰ্বাধিক 18,552 লোকৰ দেহত কৰ'ণাৰ উপস্থিতি পোৱা গৈছে ৷ যাৰ ফলশ্ৰুতিত শনিবাৰে কৰ'ণাক্ৰান্তৰ সংখ্যা 5 লাখতকৈ অধিক হয় ৷

For All Latest Updates

ABOUT THE AUTHOR

...view details