অসম

assam

ETV Bharat / bharat

প্ৰব্ৰজনকাৰী শ্ৰমিকৰ সুৰক্ষাত সেনা নিয়োগ কৰকঃ যশবন্ত সিনহা

ইটিভি ভাৰতৰ আঞ্চলিক সম্পাদক ব্ৰজমোহন সিঙৰ সৈতে হোৱা বাৰ্তালাপত যশবন্ত সিন্হাই কয় যে, দৰিদ্ৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে এক অমানবীয় পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে । এইক্ষেত্ৰত কেন্দ্ৰই তেঁওলোকক উদ্ধাৰৰ বাবে সেনা মোতায়ন কৰিব লাগে ।

Govt should deploy the army to transport migrant workers home:  Former Finance Minister Yashwant Sinha
প্ৰব্ৰজনকাৰী শ্ৰমিকসকক স্ব-গৃহলৈ পঠোৱাৰ বাবে সেনা মোতায়ন কৰিব লাগেঃ যশবন্ত সিন্হা

By

Published : May 18, 2020, 8:41 PM IST

নেশ্যনেল ডেক্স,18 মেঃ দিল্লীৰ ৰাজঘাটত প্ৰতিবাদ কৰি থকা শ্ৰমিকসকলক চৰকাৰে নিজ নিজ গৃহলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে । এই মন্তব্য প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী যশবন্ত সিন্হাৰ ।

ইটিভি ভাৰতৰ আঞ্চলিক সম্পাদক ব্ৰজমোহন সিঙৰ সৈতে হোৱা বাৰ্তালাপত যশবন্ত সিন্হাই কয় যে, দৰিদ্ৰ প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে এক অমানবীয় পৰিস্থিতিৰ সন্মুখীন হৈ আহিছে । এইক্ষেত্ৰত কেন্দ্ৰই তেঁওলোকক উদ্ধাৰৰ বাবে সেনা মোতায়ন কৰিব লাগে ।

প্ৰব্ৰজনকাৰী শ্ৰমিকসকলে বহু লাঞ্চনাৰ সন্মুখীন হ'বলগীয়া হৈছে । তেঁওলোকে খেজকাঢ়ি নিজ নিজ গৃহ অভিমূখে ৰাওনা হোৱাৰ বিভিন্ন ভিডিঅ' দেখিবলৈ পোৱা গৈছে । চৰকাৰে তেঁওলোকক ঘৰলৈ পঠোৱাৰ ক্ষেত্ৰত পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ কৰা নাই । সেয়েহে মই চৰকাৰক বিভিন্ন সম্পদ ব্যৱহাৰ কৰি তেঁওলোকক স্ব-গৃহলৈ পথোৱাৰ বাবে আহ্বান জনাইছো বুলি মন্তব্য কৰে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী গৰাকীয়ে ।

এইক্ষেত্ৰত শ্ৰমিক ৰে'লৰ ব্যৱস্থাও উপযুক্ত ধৰণে হোৱা নাই বুলি মন্তব্য কৰে যশবন্ত সিন্হাই । লগতে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা 20 লাখ কোটি টকাৰ মেগা পেকেজ সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য কৰাৰ পৰা বিৰত থাকি তেখেতে কয় যে, মই এই ক্ষেত্ৰত কোনো মন্তব্য কৰিব নিবিচাৰো । আজি মই পশ্চিম বংগলৈ খোজকাঢ়ি যোৱা দুজন শ্ৰমিকক এই পেকেজৰ বিষয়ে শোধাত তেঁওলোকে চুপ থাকে । কোনো প্ৰব্ৰজনকাৰী শ্ৰমিকেই ইয়াৰ পৰা লাভান্বিত নহ'ব । গতিকে এইবিষয়ে কোনো মন্তব্য কৰাটো উচিত নহ'ব ।

আনহাতে, ৰাজ্য চৰকাৰে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলক সহায় নকৰা বুলি শোধা প্ৰশ্নৰ উত্তৰত তেখেতে কয় যে, এইটো দোষ দাঙি ধৰাৰ উচিত সময় নহয় । এইটো কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া দায়িত্ব । তদুপৰি শ্ৰমিকসকলক স্ব-গৃহলৈ পঠোৱাৰ ক্ষেত্ৰত সেনা মোতায়ন কৰাটো কেন্দ্ৰৰ দায়িত্ব ।

ইটিভি ভাৰতৰ সৈতে যশবন্ত সিন্হাৰ সাক্ষাৎকাৰ

সমান্তৰালকৈ, প্ৰব্ৰজনকাৰী সকল নিজ নিজ ৰাজ্যলৈ উভটি গৈছে । গতিকে তেঁওলোকক সেই অঞ্চলসমূহতে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব । মই এই দিশত সুখী যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এমজিএমৰেগা আঁচনিৰ অধীনত পুঁজি আবন্টন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক-CBSE য়ে প্ৰকাশ কৰিলে বাকীৰোৱা পৰীক্ষাৰ সময়সূচী

ABOUT THE AUTHOR

...view details