অসম

assam

By

Published : Apr 16, 2020, 5:58 PM IST

ETV Bharat / bharat

বৃহৎ অৰ্থনৈতিক নেতিবাচক প্ৰভাৱৰ সন্মুখীনৰ বাবে সাজু থাকক চৰকাৰ: ৰাহুল গান্ধী

COVID-১৯ৰ বৃহৎ নেতিবাচক প্ৰভাৱ পৰিব ভাৰতৰ অৰ্থনীতি ব্যৱস্থাত। এই কথা উল্লেখ কৰিছে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে । লগতে চৰকাৰক প্ৰৱাসী শ্ৰমিক,দৰিদ্ৰক সহায়ৰ বাবে পৰিকল্পনা তৈয়াৰ কৰাৰ আহ্বান নেতাগৰাকীৰ ।

Govt must be prepared for massive economic backlash: Rahul Gandhi on COVID-19
বৃহৎ অৰ্থনৈতিক নেতিবাচক প্ৰভাৱৰ সন্মুখীনৰ বাবে সাজু থাকক চৰকাৰ: ৰাহুল গান্ধী

নিউজ ডেস্ক, ১৬ এপ্ৰিলঃভাৰতৰ অৰ্থনীতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি বৃহস্পতিবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া। ভাৰতীয় অৰ্থনীতি COVID-১৯ৰ এক বৃহৎ নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ'বলৈ গৈ আছে বুলি উল্লেখ কৰি অৰ্থব্যৱস্থাৰ সুৰক্ষাৰ প্ৰতি চিন্তা কৰাৰ প্ৰয়োজন আছে বুলি কয় ৰাহুল গান্ধীয়ে ।

ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে নেতাগৰাকীয়ে । আনহাতে প্ৰৱাসী সকলৰ সমস্যা,খাদ্যৰ জাল তৈয়াৰ কৰা, দৰিদ্ৰ লোকক বিত্তীয় সাহায্য প্ৰদানৰ বাবে চৰকাৰক এন ৱাই এ ৱাই আঁচনি আৰম্ভ কৰাৰ পোষকতা কৰিছে নেতাগৰাকীয়ে ।

নেতাগৰাকীয়ে লগতে কয়,এই সংকটৰ সময়ত খাদ্য বিতৰণটো হৈছে মহত্বপূৰ্ণ । সকলোৱে দৰিদ্ৰ লোকসকললৈ ৰেছন প্ৰদান কৰিব লাগে । প্ৰত্যেক সপ্তাহত ১০ কেজিকৈ ঘেঁহু বা চাউল,এক কেজি চেনি,এক কেজি দালী প্ৰদান কৰিব লাগে দৰিদ্ৰলৈ ।

আনহাতে লক ডাউন মহামাৰী ৰোধ কৰাৰ সমাধান নহয় বুলি উল্লেখ কৰি বৰ্তমানৰ বুনিয়াদী চিকিৎসাৰ আন্তঃগাথনি গুৰুত্বপূৰ্ণ ভাৱে ব্যৱহাৰ কৰাৰ লগতে চিন্তাজনক ভাৱে হ্ৰাস পোৱা অৰ্থনীতিৰ মোকাবিলা কৰিবলৈ সময় উপযোগী সঠিক পদক্ষেপ লোৱা দৰকাৰ বুলি কয় ৰাহুলে গান্ধীয়ে ।

ইপিনে সমগ্ৰ দেশতে কৰ'ণা ভাইৰাছৰ আক্ৰমণত্মাক ভাৱে বিস্তাৰিত আৰু এই মহামাৰীক পৰাভূত কৰিবলৈ কৌশলগত উপকৰণৰ ওপৰত অধিক শক্তিশালী ভাৱে গুৰুত্ব দিয়াৰ কথা উল্লেখ কৰিছে ।সমগ্ৰ দেশ এতিয়া একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে যুঁজাৰ প্ৰয়োজন। ৰাজ্য সমূহক সূক্ষ্ম ভাৱে যুঁজিবলৈ পৰ্যাপ্ত উৎস দিয়াৰ আৱশ্যকতা আছে বুলিও কয় ৰাহুল গান্ধীয়ে ।

ABOUT THE AUTHOR

...view details