অসম

assam

By

Published : Jul 21, 2020, 1:43 PM IST

ETV Bharat / bharat

COVID-19: ভিক্টোৰিয়াত ২২ জুলাইৰ পৰা আৰম্ভ হ'ব কঠোৰ নীতি-নিয়ম

অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়াত মঙলবাৰৰ দিনটোত নতুনকৈ COVID-19 ত আক্ৰান্ত হয় ৩৭৪ গৰাকী । যি সংখ্যা ৰাজ্যখনত দ্বিতীয় দিনৰ বাবে সৰ্বাধিক হিচাপে পৰিগণিত হৈছে । আনহাতে, ভিক্টোৰিয়াৰ-নিউ দক্ষিণ বেল্স সীমাত বুধবাৰৰ পৰা আৰম্ভ হ'ব কিছু বিশেষ নীতি-নিয়ম ।

অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়া

নিউজ ডেস্ক, ২১জুলাইঃ বিশ্বজুৰি মহামাৰী COVID-19 ত আক্ৰান্ত হৈছে ১,৪৮,৪৪,৯৯৮ গৰাকীৰো অধিক ব্যক্তি । আনহাতে, এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৬,১২,৮২৯ গৰাকীৰো অধিক । তাৰোপৰি আৰোগ্য হৈ উঠিছে ৮৮,৯৮,২৩১ ৰো অধিক লোক ।

আনহাতে, মঙলবাৰে অষ্ট্ৰেলিয়াৰ ভিক্টোৰিয়া ৰাজ্যত নতুনকৈ ৩৭৪ গৰাকীৰ দেহত মহামাৰী COVID-19 ৰ উপস্থিতি লাভ কৰিছে । য'ত ৰাজ্যখনত দ্বিতীয় দিনৰ বাবে সৰ্বাধিক হিচাপে পৰিগণিত হৈছে । তাৰোপৰি ৰাজ্যখনত মঙলবাৰে COVID-19 ত আক্ৰান্ত হৈ ৩ গাৰকীৰ মৃত্যু হৈছে বুলি সদৰি কৰে ভিক্টোৰিয়া প্ৰিমিয়ৰ ডেনিয়ল এড্ৰয়ুজে । যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যখনত COVID-19 ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সংখ্যা ১২৬ গৰাকীলৈ বৃদ্ধি পায় ।

তাৰোপৰি অষ্ট্ৰেলিয়াৰ আন এখন ডাঙৰ চহৰ মেলবৰ্নত ২ সপ্তাহ পূৰ্বে চলা লক্ ডাউনৰ বাবে এতিয়া চহৰখনত বিশেষ প্ৰভাৱ পৰিছে । অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কাট মৰিছনে সেনা বাহিনীয়ে ভিক্টোৰিয়াৰ স্বাস্থ্য বিভাগক এই সংকটৰ সৈতে যুঁজ দিবলৈ সহায়ৰ হাত আগবঢ়াইছে বুলি মত ব্যক্ত কৰে ।

আনহাতে, ২২ জুলাইৰ পৰা ভিক্টোৰিয়াৰ-নিউ দক্ষিণ বেল্স সীমাৰ পৰা কাৰ্যকৰী হ'ব কিছু কঠোৰ নীতি-নিয়ম । য'ত কেৱল অত্যাৱশ্যকীয় কাম, স্বাস্থ্য তথা শিক্ষা ব্য়ৱস্থাৰ ক্ষেত্ৰতহে বেল্স সীমা অতিক্ৰম কৰাৰ অনুমতি দিয়া হ'ব । তাৰোপৰি ২৩ জুলাই অৰ্থাৎ বৃহস্পতিবাৰ পৰা ভিক্টোৰিয়াত ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱা সময়ত সকলো লোকে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰি দিয়ে চৰকাৰে ।

ABOUT THE AUTHOR

...view details