অসম

assam

ETV Bharat / bharat

10 টা মুখ্য পথ প্ৰকল্প উদ্বোধন কৰিলে গাডকাৰীয়ে

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্ৰী নীতিন গাডকাৰীয়ে উদ্বোধন কৰিলে 10 টা নতুন মুখ্য পথৰ লগতে দুখনকৈ উৰণীয়া সেতু ৷ শুকুৰবাৰে ভাৰ্চুৱেল মাধ্যমৰ জড়িয়তে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে পথ আৰু উৰণীয়া সেঁতু কেইখন উদ্বোধন কৰে ৷ অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে এই ভাৰ্চুৱেল অনুষ্ঠানটোৰ সভাপতিত্ব কৰে ৷

10 টা মুখ্য পথ প্ৰকল্প উদ্বোধন কৰিলে গাডকাৰীয়ে
10 টা মুখ্য পথ প্ৰকল্প উদ্বোধন কৰিলে গাডকাৰীয়ে

By

Published : Oct 16, 2020, 8:36 PM IST

নেশ্যনেল ডেস্ক, 16 অক্টোবৰ: কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহন আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰিয়ে শুকুৰবাৰে 10 টা মুখ্য পথ প্ৰকল্প ৰাষ্ট্ৰক উৎসৰ্গা কৰে ৷ ইয়াৰ লগতে অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া চহৰত 8,038 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা দুখন উৰণীয়া সেতু কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উদ্বোধন কৰে ৷ 7,585 কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া অন্য 16 টা প্ৰকল্পৰ উন্নয়নৰ বাবে গাডকাৰিয়ে ভূমি পূজনো কৰে ৷

ভাৰ্চুৱেল মাধ্যমত ভিডিঅ' কনফাৰেন্সৰ জড়িয়তে দিল্লী আৰু বিজয়ৱাড়াৰ পৰা অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী জগন মোহন ৰেড্ডীয়ে এই উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে ৷ উদ্বোধন কৰা প্ৰকল্প কেইটাৰ ভিতৰত আছে 2.7 কিলোমিটাৰ দৈৰ্ঘ্যৰ বিজয়ৱাড়াৰ বাবে বহুপ্ৰত্যাশিত কনক দুৰ্গা উৰণীয়া সেঁতু ৷ ৰাজ্য চৰকাৰৰ 146 কোটি টকাৰ বৰঙণি থকা এই উৰণীয়া সেঁতুখনৰ নিৰ্মাণত মুঠ 501 কোটি টকা ব্যয় হৈছে ৷

ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত এক চমৎকাৰস্বৰূপ এই উৰণীয়া দেশৰ ভিতৰত তৃতীয়খন ছয় লেন যুক্ত সেঁতু ৷ গাডকাৰীয়ে এই সেতুখনক দেশৰ বাবে গৌৰৱ হিচাপে অভিহিত কৰে ৷ ইয়াৰ লগতে বিজয়ৱাড়াৰ 65 নং ৰাষ্ট্ৰীয় ঘাইপথক 16 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰিব লগীয়া অন্য এটা চাৰি লেন যুক্ত পথ নিৰ্মাণ কৰা হৈছে ৷ 16নং ৰাষ্ট্ৰীয় ঘাইপথৰ বেঞ্জ চাৰ্কল'ত নিৰ্মিত অন্যখন উৰণীয়া সেতু 65 নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিজয়ৱাড়া-মচিলিপট্টনমৰ শাখা বিস্তাৰৰ এক অংশ ৷

ঘটনাক্ৰমে 2015 ৰ ডিচেম্বৰতে গাডকাৰীয়ে এই দুয়োখন উৰণীয়া সেঁতুৰ উদ্বোধন কৰিছিল ৷ বিশেষ কাৰণবশতঃ দুয়োখন উৰণীয়া সেঁতু নিৰ্মাণত যথেষ্ঠ পলম হয় ৷ অৱশেষত চলিত বৰ্ষৰ প্ৰথম ভাগত বেঞ্জ চাৰ্কল'ৰ উৰণীয়া সেঁতু খন সম্পূৰ্ণ হোৱাৰ বিপৰীতে বিগত মাহত কনক দুৰ্গা উৰণীয়া সেতুখন সম্পূৰ্ণ হয় ৷ 16 নং ৰাষ্ট্ৰীয় ঘাইপথত 100 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা 2.47 কিলোমিটাৰ দৈৰ্ঘ্যৰ তিনি লেন যুক্ত এখন উৰণীয়া সেঁতুৰ উদ্বোধন কৰাৰ লগতে গাডকাৰীয়ে কৃষ্ণা নদীৰ ওপৰত এখন মুখ্য দলং আৰু ছয় লেন যুক্ত এটা বাইপাছ উদ্বোধন কৰে ৷

1,225 কোটি টকা ব্যয়েৰে নিৰ্মিত 30 কিলোমিটাৰ দৈৰ্ঘ্যৰ অন্য এটা বাইপাছে 16 নং ৰাষ্ট্ৰীয় ঘাইপথক 65 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ কৰিব ৷ এই দুই প্ৰকল্পই বিজয়ৱাড়া চহৰৰ ট্ৰেফিকৰ সমস্যা যথেষ্ঠ পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক:সুৰক্ষিত UPI লেন-দেন সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচাৰিলে উচ্চতম ন্যায়ালয়ে

ABOUT THE AUTHOR

...view details