অসম

assam

By

Published : Oct 15, 2019, 8:17 PM IST

Updated : Oct 16, 2019, 2:01 PM IST

ETV Bharat / bharat

এতিয়াও সন্ধানহীন নীপকোৰ চাৰিগৰাকী কৰ্মচাৰী, উদ্ধাৰ অভিযান অব্যাহত

অসম-মেঘালয় সীমান্তৰ কপিলী হাইড্ৰ' প্ৰজেক্টৰ পাইপলাইন ফুটাৰ পাছতে সন্ধানহীন হৈ পৰিছিল চাৰিজনকৈ লোক ৷ এই লোকসকলক উদ্ধাৰৰ বাবে 90 জনকৈ লোকক দায়িত্ব প্ৰদান কৰা হৈছে ৷ লগতে প্ৰায় 600 কোটি টকাৰ অপচয় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে নীপকোয়ে ৷

কপিলী হাইড্ৰ' প্ৰজেক্ট

নেশ্যনেল ডেস্ক, 15 অক্টোবৰ : অসম-মেঘালয় সীমান্তৰ কপিলী হাইড্ৰ' প্ৰজেক্টৰ পাইপলাইন ফুটাৰ পাছতে সন্ধানহীন হৈ পৰিছিল চাৰিজনকৈ লোক ৷ এই লোকসকলক উদ্ধাৰৰ বাবে 90 জনকৈ লোকক দায়িত্ব প্ৰদান কৰা হৈছে ৷ লগতে প্ৰায় 600 কোটি টকাৰ অপচয় হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে নীপকোৱে ৷

উদ্ধাৰ অভিযান অব্যাহত কপিলী হাইড্ৰ' প্ৰজেক্টত

উল্লেখ্য যে, অক্টোবৰৰ 7 তাৰিখে অসমৰ ডিমা হাছাও জিলাৰ উমৰাংছুত কপিলী হাইড্ৰ' প্ৰজেক্টৰ পাইপ ফুটিছিল ৷ ইয়াৰ ফলত প্ৰজেক্টৰ 800 মিটাৰলৈকে ইয়াৰ প্ৰভাৱ পৰিছিল বুলি জানিব পৰা গৈছে ৷ তাৰোপৰি,জলভাণ্ডাৰত বন্দী হৈ পৰিছিল চাৰিগৰাকী নীপকো কৰ্মচাৰী ৷

এই সম্পৰ্কত নীপকোৰ বিষয়া ভি. কি. সিঙে মন্তব্য কৰে, "বৰ্তমান আমাৰ মুখ্য উদ্দেশ্য হৈছে আবদ্ধ হৈ থকা লোকসকলৰ সন্ধানত উদ্ধাৰ অভিযানত নামি পৰা ৷ আমি জেচিবিৰ দৰে বিভিন্ন মেচিন ব্যৱহাৰ কৰাৰ লগতে উদ্ধাৰকাৰী লোকক নিয়োগ কৰি সন্ধানহীন লোককেইজনৰ শুংসূত্ৰ উলিওৱাৰ চেষ্টা কৰিছো ৷" এই উদ্ধাৰ অভিযানত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক দূৰ্যোগ ব্যৱস্থাপনা সংস্থাই সহযোগিতা আগবঢ়োৱা বুলি জানিবলৈ দিয়ে সিঙে ৷ ইয়াৰোপৰি, এই প্ৰজেক্টৰ কাম পুনৰ আৰম্ভ কৰিবৰ বাবে অতি কমেও 7 মাহৰ প্ৰয়োজন হ'ব বুলি জানিবলৈ দিয়ে ভি. কি. সিঙে ৷

Last Updated : Oct 16, 2019, 2:01 PM IST

ABOUT THE AUTHOR

...view details