অসম

assam

By

Published : Jun 2, 2019, 9:49 AM IST

ETV Bharat / bharat

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিললৈ মেক্সিকোৰ সৰ্বোচ্চ সন্মান

মহাৰষ্ট্ৰৰ পুনেত তেঁওলৈ প্ৰদান কৰা হয় এই সন্মান ৷ এই সন্মান হৈছে, বিদেশী নাগৰিকলৈ আগবঢ়োৱা মেক্সিকোৰ সৰ্বোচ্চ সন্মান ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিললৈ মেক্সিকোৰ সৰ্বোচ্চ সন্মান

পুনে, 2 জুন: মেক্সিকোৰ সৰ্বোচ্চ সন্মান ‘অৰ্ডাৰ অৱ এজটেক ইগল’ৰে সন্মানিত প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিল ৷ মহাৰষ্ট্ৰৰ পুনেত এই সন্মান প্ৰদান কৰা হয় তেওঁলৈ ৷ এই সন্মান বিদেশী নাগৰিকলৈ আগবঢ়োৱা মেক্সিকোৰ সৰ্বোচ্চ সন্মান ৷ মেক্সিকোৰ ভাৰতত থকা ৰাষ্ট্ৰদূত মেল্বা প্ৰিয়ায়ে ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতিগৰাকীলৈ এই সন্মান প্ৰদান কৰে ৷ পুনেৰ এম চি চি আই এ ভৱনত এক গাম্বিৰ্য্যপূৰ্ণ অনুষ্ঠানত তেওঁলৈ এই সন্মান আগবঢ়োৱা হয় ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰতিভা দেৱী সিং পাটিললৈ মেক্সিকোৰ সৰ্বোচ্চ সন্মান

লগতে পঢ়ক: বিভাগীয় বিষয়াৰ সৈতে প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈঠক

তেওঁ এই সন্মান লাভ কৰা ভাৰতৰ দ্বিতীয় গৰাকী ৰাষ্ট্ৰপতি ৷ ইয়াৰ পূৰ্বে এই সন্মান সৰ্বপল্লি ৰাধাকৃষ্ণক প্ৰদান কৰা হৈছিল ৷

ABOUT THE AUTHOR

...view details