অসম

assam

নিৰ্বাচনী আয়োগৰ নিৰ্দেশঃ অতিৰিক্ত-সঞ্চালক প্ৰধান নিযুক্ত কুমাৰ বিশ্বজিৎ

By

Published : Mar 31, 2019, 7:25 PM IST

দেশৰ নিৰ্বাচনী আয়োগে দেওবাৰে এক অধিসূচনাযোগে অন্ধ্ৰ প্ৰদেশৰ চোৰাংচোৱা বিভাগৰ অতিৰিক্ত-সঞ্চালক প্ৰধান হিচাপে নিযুক্তি দিয়ে 1994 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীক ৷

কুমাৰ বিশ্বজিৎ

নিউজ ডেস্ক, 31 মাৰ্চঃ অন্ধ্ৰ প্ৰদেশ আৰক্ষীৰ অতিৰিক্ত-সঞ্চালক প্ৰধান পদত নিযুক্ত সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া কুমাৰ বিশ্বজিৎ ৷ দেওবাৰে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ এ ডি জি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে 1994 বৰ্ষৰ সৰ্বভাৰতীয় আৰক্ষী সেৱাৰ বিষয়াগৰাকীয়ে ৷

বৰ্তমানে অন্ধ্ৰ প্ৰদেশৰ ৰাজ্যিক আৰক্ষী নিযুক্তি ব'ৰ্ডৰ অধ্যক্ষৰূপে কৰ্মৰত হৈ থকা আৰক্ষী সেৱাৰ বিষয়াগৰাকীক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ উক্ত দায়িত্ব প্ৰদান কৰা হৈছে ৷ কেন্দ্ৰীয় নিৰ্বাচনী আয়োগৰ মুখ্য সচিবে শনিবাৰে এক অধিসূচনা জাৰী কৰি শীঘ্ৰেই কাৰ্যকৰী হোৱাকৈ কুমাৰ বিশ্বজিৎক চোৰাংচোৱা বিভাগৰ অতিৰিক্ত-সঞ্চালক প্ৰধান হিচাপে নিযুক্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উক্ত নিৰ্দেশনাৰ ভিত্তিতে দেওবাৰে অন্ধ্ৰ প্ৰদেশৰ গৃহ বিভাগে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ এ ডি জি হিচাপে নিযুক্তি দিয়ে আই পি এছ বিষয়াগৰাকীক ৷

উল্লেখ্য যে, YSRCPৰ অভিযোগৰ ভিত্তিত নিৰ্বাচনী আয়োগে ৰাজ্যখনৰ চোৰাংচোৱা বিভাগৰ সঞ্চালক প্ৰধান এ বি ভেংকটেশ্বৰা ৰাওক বৰ্খাস্ত কৰিছিল ৷ বিষয়াগৰাকীৰ বিৰুদ্ধে তেলেগু দেশম পাৰ্টী নেতৃত্বাধীন অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰ বাবু নাইডুৰ হকে কাম কৰাৰ অভিযোগ উত্থাপিত হৈছিল ৷ ইয়াৰ পাচতেই ৰাজ্যিক চৰকাৰে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ দাৰস্থ হৈছিল আৰু আই পি এছ বিষয়াৰ বদলি তথা বৰ্খাস্ত কৰণৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগৰ নিৰ্দেশক খাৰিজ কৰিবলৈ দাবী জনাইছিল ৷ কিন্তু অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ এই অভিযোগ খাৰিজ কৰি নিৰ্বাচনী আয়োগৰ কাম-কাজত ৰাজ্যিক চৰকাৰে হস্তক্ষেপ কৰিব নোৱাৰে বুলি অধ্যাদেশ জাৰী কৰিছিল ৷

লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ অন্ধ্ৰ প্ৰদেশৰ 175 আসনযুক্ত বিধানসভা নিৰ্বাচন অহা 11 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব ৷

ABOUT THE AUTHOR

...view details