দিল্লী,14জুন : চিকিৎসকক সুৰক্ষা প্ৰদানৰ দাবীত কনিষ্ঠ চিকিৎসকৰ কৰ্মবিৰতি ৷ দিল্লী, মহাৰাষ্ট্ৰ, হায়দৰাবাদ , কেৰালা , ৰাজস্থানকে ধৰি দেশৰ বিভিন্ন স্থানত এই ঘটনাৰ প্ৰতিবাদত চিকিৎসকৰ কৰ্মবিৰতি ৷ দিল্লীৰ এইমচত নতুন ৰোগীৰ পঞ্জীয়ন বন্ধ কৰি ৰখা হৈছে ৷ চিকিৎসকসকলৰ প্ৰতিবাদৰ ফলত সমস্যাৰ সন্মুখীন হৈছে ৰোগীসকল ৷ খোলা আছে জৰুৰীকালীন সেৱা ৷
দেশজুৰি চিকিৎসকৰ প্ৰতিবাদ
বুধবাৰে এন আৰ এচ চিকিৎসা মহাবিদ্যালয় হস্পিতালত এগৰাকী ৰোগীৰ মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সম্পৰ্কীয় লোকে আক্ৰমণ কৰাৰ ফলত আহত হৈছিল তিনিজন কনিষ্ঠ চিকিৎসকৰ লগতে এগৰাকী চতুৰ্থ বৰ্ষৰ ছাত্ৰ ৷ চিকিৎসকৰ ওপৰত হোৱা এই আক্ৰমণৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে কনিষ্ঠ চিকিৎসকসকলে ৷
পশ্চিম বংগত কনিষ্ঠ চিকিৎসকক মাৰপিটৰ ঘটনাৰ পাচতে চিকিৎসক সকলে কৰ্মবিৰতি পালন কৰিছে ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আৰু ৰাজ্যপাল কেশৰী নাথ ত্ৰিপাঠীয়ে অতি সোনকালে কনিষ্ঠ চিকিৎসকসকলক প্ৰতিবাদ প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনায় ৷ বিজেপিৰ উচতনিত এনে ঘটনা সংঘটিত হৈছে প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ৰোগীৰ কথা চিন্তা কৰি কনিষ্ঠ চিকিৎসকলকলক প্ৰতিবাদ স্থগিত ৰাখিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে ৷ মুখ্যমন্ত্ৰীয়ে মানি ল'বলৈ প্ৰতিবাদকাৰীসকলে অস্বীকাৰ কৰি চৰকাৰে চিকিৎসকসকলৰ সুৰক্ষা নিশ্চিত নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি জনায়৷ আনহাতে শেহতীয়া ভাৱে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা চিকিৎসকলক সম্পূৰ্ণ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা হৈছে যদিও এই ক্ষেত্ৰত প্ৰতিবাদকাৰী সকলে কোনো মন্তব্য প্ৰকাশ কৰা নাই ৷
উল্লেখযোগ্য যে, বুধবাৰে এন আৰ এচ চিকিৎসা মহাবিদ্যালয় হস্পিতালত এগৰাকী ৰোগী মৃত্যু হোৱা ঘটনাক কেন্দ্ৰ কৰি সম্পৰ্কীয় লোকে আক্ৰমণ কৰাৰ ফলত আহত হৈছিল তিনিজন কনিষ্ঠ চিকিৎসকৰ লগতে এগৰাকী চতুৰ্থ বৰ্ষৰ ছাত্ৰ ৷ চিকিৎসকৰ ওপৰত হোৱা এই আক্ৰমণৰ প্ৰতিবাদত কৰ্মবিৰতি পালন কৰিছে কনিষ্ঠ চিকিৎসকসকলে ৷