নিউজ ডেস্ক , ১৭ জানুৱাৰী :বায়ু প্ৰদূষণৰ ফলত দেশত পুনৰ বতৰ পৰিৱৰ্তন হোৱা দেখিবলৈ পোৱা গৈছে । ভাৰতৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে দেশৰ ভিন্ন প্ৰান্তত কুঁৱলী আৰু শীতৰ তীব্ৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে । উত্তৰ ভাৰতৰ ৰাজ্য়সমূহৰ বিভিন্ন স্থানত অত্য়াধিক শীত আৰু কুঁৱলী পৰা দেখা গৈছে । বিভাগটোৱে টুইটযোগে জনোৱা মতে দেওবাৰৰ দিনটোত পঞ্জাৱ, পশ্চিম উত্তৰ প্ৰদেশত ডাঠ কুঁৱলী দেখাৰ লগতে হাৰিয়ানা, ছণ্ডীগড়,দিল্লী, পূব উত্তৰ প্ৰদেশ, বিহাৰ, অসম আৰু মেঘালয়ৰো বিভিন্ন অঞ্চল ডাঠ কুঁৱলীয়ে ছানি ধৰে । ডাঠ কুঁৱলীৰ বাবে এই ঠাই সমূহত দৃশ্য় প্ৰৱণতা হ্ৰাস হোৱা দেখা যায় । গতিকে বিভাগটোৱে ৰাইজক ৰাজপথত চলাচলৰ সময়ত সাৱধানতা অৱলম্বনৰ বাবে আহ্বান জনাইছে । যানবাহনৰ ফ'গ লাইট ব্য়ৱহাৰৰ বাবেও ৰাইজক আহ্বান জনাইছে বতৰ বিভাগে ।
ইফালে ৰাজধানী দিল্লীত অপৰিৱৰ্তিত অৱস্থাত আছে বায়ু প্ৰদূষণৰ মাত্ৰা । দেওবাৰে বায়ু প্ৰদূষণৰ ভয়ংকৰ ৰূপ দেখিবলৈ পোৱা গ'ল চহৰ খনতো । ডাঠ কুঁৱলী আৰু ধূসৰ পুৱাৰ সাক্ষী হ'ল দিল্লীবাসী । যাৰ বাবে চিষ্টেম অব এয়াৰ কোৱালিটি এণ্ড ৱেডাৰ ফৰকাষ্টিং এণ্ড ৰিচাৰ্জ (এছ এ এফ এ আৰ)য়ে দিল্লীৰ বায়ুমণ্ডলৰ সূচাংক "গুৰুতৰ" অৰ্থাৎ এ কিউ আই ৪২৮ বুলি ঘোষণা কৰে । সমান্তৰালকৈ চহতখনৰ প্ৰচণ্ড শীতৰ প্ৰকোপ দেখা গ'ল ।