নতুন দিল্লী,13 ডিচেম্বৰঃ নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে সৰ্বত্ৰে বৰ্তমানেও প্ৰতিবাদ অব্যাহত আছে ৷ ইয়াৰ মাজতে কেৰেলা চৰকাৰে কেব সন্দৰ্ভত নিজৰ স্থিতি প্ৰকাশ কৰে ৷ চৰকাৰখনে প্ৰকাশ কৰা এই স্থিতিক অসম প্ৰদেশ কংগ্ৰেছৰ দলপতি দেবব্ৰত শইকীয়াই আদৰণি জনাইছে ৷ লগতে কেন্দ্ৰীয় চৰকাৰে অসমীয়াৰ আবেগক প্ৰাধান্য দিয়া উচিত বুলি মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতিজনে ৷ ‘1971 চনৰ 25 মাৰ্চলৈ অসমলৈ অহা বিদেশীখিনিক ভাৰতীয় নাগৰিকত্ব প্ৰদানক আমি স্বাগতম জনাইছো ৷ কিন্তু কেন্দ্ৰীয় চৰকাৰে ইয়াক সলনি কৰি 31 ডিচেম্বৰ 2014 কৰা কাৰ্যক আমি কোনোপধ্যে মানিব নোৱাৰো’ বুলি কয় শইকীয়াই ৷ দেবব্ৰত শইকীয়াই শুকুৰবাৰে দেশৰ ৰাজধানী চহৰ দিল্লীত কেবৰ বিৰুদ্ধে অনুষ্ঠিত এক প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ এই প্ৰতিবাদী কাৰ্যসূচীত কেবৰ বিৰোধিতাৰে শতাধিক প্ৰতিবাদকাৰীয়ে অংশগ্ৰহণ কৰে ৷
ইফালে দিল্লীত থকা উত্তৰ-পূৰ্বাঞ্চলৰ লোক বিশেষকৈ অসমীয়া ভাষীৰ সৈতে ই টিভিৰে হোৱা এক সাৎক্ষাকাৰত প্ৰতিবাদকাৰীসকলে কেব গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰে ৷ ‘আমি কেতিয়াও কেব গ্ৰহণ নকৰো ৷ এয়া আমাৰ সংবিধানৰ পৰিপন্থী নহয়, ইয়ে অসমৰ শান্তি বিঘ্নিত কৰিছে’ বুলি প্ৰতিবাদকাৰীসকলে আক্ষেপেৰে কয় ৷