নেশ্যনেল ডেস্ক, ১৭ অক্টোবৰ: শ্ৰীনগৰত দুদিন পূৰ্বে এক দুৰ্ঘটনাত মৃত্যুক আকোঁৱালি লোৱা ছিক্কিমৰ অৰ্ধ সামৰিক বাহিনীৰ জোৱান নৰেশ কুমাৰৰ আজি শেষকৃত্য সম্পন্ন হয়। জম্মু-কাশ্মীৰৰ বান্দীপ'ৰাত কৰ্মৰত হৈ আছিল নৰেশ। তহল দিয়াৰ কৰ্তব্য পালন কৰি থকা অৱস্থাতে এই অঘটন সংঘটিত হয় । জোৱানজন থকা সেনাৰ জীপ গাড়ীখন হঠাতে দুৰ্ঘটনাত পতিত হয়। নৰেশ কুমাৰক ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
চি আৰ পি এফ জোৱান নৰেশ কুমাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
শনিবাৰে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল অৰ্ধ সামৰিক বাহিনীৰ জোৱান নৰেশ কুমাৰৰ। জম্মু-কাশ্মীৰৰ বান্দীপ'ৰাত কৰ্মৰত হৈ আছিল জোৱানজন। দুদিন পূৰ্বে সেনাৰ জীপ গাড়ীৰে তহল দিয়াৰ কৰ্তব্য পালন কৰি থকা অৱস্থাতে অকস্মাৎ জীপখন বাগৰি পৰে। সংকটজনক অৱস্থাত হাস্পতালত লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।
চি আৰ পি এফ জোৱান নৰেশ কুমাৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন
এই দুৰ্ঘটনাত অৰ্ধ সামৰিক বাহিনীৰ দুগৰাকী বিষয়াৰ লগতে ৩জন জোৱান আহত হয়। দুবছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা নৰেশ কুমাৰে এটি ৬মহীয়া কন্যা সন্তান এৰি থৈ গৈছে। কিছুদিন পূৰ্বে ১ মাহৰ ছুটী লৈ ঘৰলৈ আহিছিল নৰেশ কুমাৰ। ছুটীৰ সময়খিনি পৰিয়ালৰ লগত কটাই পুনৰ কৰ্তব্যস্থলীলৈ ৰাওনা হোৱা নৰেশৰ মৃত্যুক সহজে মানি ল'ব পৰা নাই পৰিয়ালৰ লোকে। আজি ছিক্কিমত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়।
লগতে পঢ়ক:কোভিড 19: কৰ্ণাটকত আক্ৰান্তৰ সংখ্যা 7,51,390 লৈ বৃদ্ধি