অসম

assam

ETV Bharat / bharat

COVID-১৯ঃ ভাৰতত নতুনকৈ ১০,০৬৪ জন আক্ৰান্ত

ভাৰতত ৭ মাহ ধৰি ধাৰাবাহিকভাৱে হ্ৰাস পাইছে COVID-১৯ত দৈনিক আক্ৰান্তৰ সংখ্যা । বৰ্তমান দেশত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে ১,০৫,৮১,৮৩৭ জন । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, দেশত এতিয়ালৈকে আৰোগ্য হোৱা লোকৰ সংখ্যা ১,০২,২৮,৭৫৩ জন ।

ধাৰাবাহিকভাৱে হ্ৰাস পাইছে COVID-১৯ত দৈনিক আক্ৰান্তৰ সংখ্যা
ধাৰাবাহিকভাৱে হ্ৰাস পাইছে COVID-১৯ত দৈনিক আক্ৰান্তৰ সংখ্যা

By

Published : Jan 19, 2021, 1:40 PM IST

নেশ্যনেল ডেস্ক, ১৯ জানুৱাৰী: ভাৰতত বৰ্তমান COVID-১৯ত আক্ৰান্তৰ সংখ্যা ১,০৫,৮১,৮৩৭ জন । নতুনকৈ ১০,০৬৪ জন মহামাৰীৰ কবলত পৰিছে । প্ৰতিদিনাই হাজাৰ হাজাৰ লোক মহামাৰীত আক্ৰান্ত হ'লেও ক্ৰমাৎ হ্ৰাস পাইছে দৈনিক আক্ৰান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে মঙলবাৰে প্ৰকাশ কৰা তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ১৩৭ জন লোক COVID-১৯ত আক্ৰান্ত হৈ মৃত্যুমুখত পৰিছে ।

এতিয়ালৈকে দেশত ১,৫২,৫৫৬ জন লোকে প্ৰাণ হেৰুৱাইছে । বৰ্তমানলৈকে আৰোগ্য হৈ উঠিছে ১,০২,২৮,৭৫৩ জন লোক । দেশত ৰাষ্ট্ৰীয় আৰোগ্যৰ হাৰ হৈছেগৈ ৯৬.৬৬ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৪৪ শতাংশ । নতুনকৈ মৃত্যু হোৱা মুঠ ১৩৭ জন লোকৰ ভিতৰত ৩৫ জন মহাৰাষ্ট্ৰৰ, ১৭ জন কেৰালাৰ, ১০ জন পশ্চিমবংগৰ, ৯ জন কৰ্ণাটকৰ, ৮ জন দিল্লীৰ আৰু ৮ জন তামিলনাডুৰ ।

দেশত মৃত্যু হোৱা ১,৫২,৫৫৬ জন লোকৰ ভিতৰত ৫০,৪৭৩ জনৰ মহাৰাষ্ট্ৰত, ১২,২৭২ জনৰ তামিলনাডুত, ১২,১৭৫ জনৰ কৰ্ণাটকত, ১০,৭৫৪ জনৰ দিল্লীত, ১০,০৬৩ জনৰ পশ্চিমবংগত, ৮,৫৮০ জনৰ উত্তৰ প্ৰদেশ আৰু ৫,৫০৯ জনৰ পঞ্জাৱৰ মৃত্যু হৈছে ।

বৰ্তমান দেশত সক্ৰিয় আক্ৰান্তৰ সংখ্যা ৩ লাখতকৈ তলত আছে । বৰ্তমান দেশত ২,০০,৫২৮টা আক্ৰান্তৰ ঘটনা সক্ৰিয় হৈ আছে । উল্লেখ্য যে, যোৱা ৭ আগষ্টত ভাৰতত COVID-১৯ত আক্ৰান্তৰ সংখ্যাই ২০ লাখ, ২৩ আগষ্টত ৩০ লাখ, ৫ ছেপ্টেম্বৰত ৪০ লাখ, ২৮ ছেপ্টেম্বৰত ৬০ লাখ, ১১ অক্টোবৰত ৭০ লাখ, ২০ নৱেম্বৰত ৯০ লাখ আৰু ১৯ ডিচেম্বৰত ১ কোটিৰ ঘৰ অতিক্ৰম কৰে । ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে প্ৰকাশ কৰা তথ্য মতে, যোৱা ১৮ জানুৱাৰীলৈকে ১৮,৭৮,০২,৮২৭টা নমুনাৰ পৰীক্ষণ সম্পন্ন হৈছে । সোমবাৰে ৭,০৯,৭৯১ জন লোকৰ নমুনা পৰীক্ষা কৰা হয় ।

লগতে পঢ়ক:অৰুণাচল প্ৰদেশৰ বিবাদিত ভূমিত চীনৰ গাঁও নিৰ্মাণক লৈ সৰৱ কংগ্ৰেছ

ABOUT THE AUTHOR

...view details