নেশ্যনেল ডেস্ক, 16 মাৰ্চ : COVID-19 ত আক্ৰান্ত হোৱাৰ সন্দেহত আছুতীয়া কক্ষত থকা দম্পতীক কোঠাত আৱদ্ধ কৰি গ্ৰেপ্তাৰ হ'ব লগা হ'ল কেৰালাৰ চাৰিজন লোক ৷
সোমবাৰে আৰক্ষী বিভাগে এই সম্পৰ্কত কয়, "দেওবাৰে ছৌদি আৰৱৰ পৰা উভতি অহা বয়সীয়া দম্পতীক বিমানবন্দৰত স্ক্ৰীনিং কৰা হয় আৰু তেওঁলোকৰ দেহত কৰ'ণাভাইৰাছৰ উপস্থিতি প্ৰত্যক্ষ কৰা নহয় ৷"
আৰক্ষীয়ে কয়, "দম্পতীয়ে তেওঁলোকৰ দুৱাৰখন বাহিৰৰ পৰা বন্ধ থকাৰ উমান পাই আৰক্ষীক খবৰ দিয়ে ৷ সেই এপাৰ্টমেন্টৰ পৰিচালনাৰ দায়িত্বত থকা লোকে ফ্লেটৰ ভিতৰতে তেওঁলোকক আৱদ্ধ কৰি ৰাখে আৰু দুৱাৰত কৰ'ণাভাইৰাছ সম্পৰ্কীয়ে এক ষ্টিকাৰ লগাই ৰাখে ৷ এইয়া সঠিক উপায় নহয় ৷ তেওঁলোক ইতিমধ্যেই আছুতীয়া কক্ষত বাস কৰি আহিছিল ৷ সেয়ে আমি এটা গোচৰ ৰুজু কৰিছো ৷"