অসম

assam

ETV Bharat / bharat

আছুতীয়াকৈ থকা অৱস্থাত উধমপুৰত মৃত্যু 100 বছৰীয়া বৃদ্ধৰ

জম্মু-কাশ্মীৰৰ উধমপুৰত আছুতীয়াকৈ থকা অৱস্থাত মৃত্যু ঘটে এগৰাকী 100 বছৰীয়া বৃদ্ধৰ ৷ কৰ‘ণা ভাইৰাছৰ সন্দেহত ব্যক্তিগৰাকীক আছুতীয়াকৈ ৰখা হৈছিল যদিও পৰীক্ষণৰ ফলাফল নিগেটিভ পোৱা যায় ৷

আছুতীয়াকৈ থকা অৱস্থাত উধমপুৰত মৃত্যু 100 বছৰীয়া বৃদ্ধৰ
আছুতীয়াকৈ থকা অৱস্থাত উধমপুৰত মৃত্যু 100 বছৰীয়া বৃদ্ধৰ

By

Published : Apr 5, 2020, 1:34 PM IST

নিউজ ডেস্ক, 5 এপ্ৰিলঃ দেওবাৰে জম্মু-কাশ্মীৰৰ উধমপুৰত আছুতীয়াকৈ ৰখা এগৰাকী ব্যক্তি নিহত হয় ৷ ব্যক্তিগৰাকীৰ দেহত কৰ‘ণা ভাইৰাছ সংক্ৰমণ হোৱা বুলি সন্দেহ কৰা হৈছিল যদিও পৰীক্ষণৰ অন্তত ব্যক্তিগৰাকীৰ ফলাফল নিগেটিভ ওলায় ৷ জম্মু-কাশ্মীৰৰ উধমপুৰত সংঘটিত হৈছে এই ঘটনা ৷

উধমপুৰ জিলা উন্নয়ন বিষয়া পীয়ুশ সিংগলাই প্ৰকাশ কৰা অনুসৰি, জিলাখনৰ মেঘানি গাঁৱৰ এগৰাকী কৰ‘ণা ভাইৰাছ আক্ৰান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল নিহত ব্যক্তিগৰাকীৰ লগতে তেওঁৰ ভাতৃ ৷ ইয়াৰ পিচতেই জিলা প্ৰশাসনে ততালিকে তেওঁলোকক আছুতীয়াকৈ ৰখাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৷ কিন্তু শনিবাৰে নিশাৰ ভাগতে 100 বছৰীয়া ব্যক্তিগৰাকীৰ মৃত্যু ঘটে আৰু দেওবাৰে ৰাতিপুৱাৰ ভাগত তেওঁৰ পৰীক্ষণৰ ফলাফল নিগেটিভ পোৱা হয় ৷

জম্মু-কাশ্মীৰত এতিয়ালৈকে 92 গৰাকী ব্যক্তি কৰ‘ণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ লগতে 2গৰাকী লোকৰ মৃত্যু ঘটিছে ৷ তিনিগৰাকী লোক আৰোগ্য হোৱাৰ লগতে তেওঁলোকক নিজ নিজ গৃহলৈ ওভটাই পঠিওৱা হৈছে ৷

ABOUT THE AUTHOR

...view details